তুলসীবাৰীঃ বুধবাৰে নিশা চিকিৎসাৰ অভাৱত এপ’লমিলৰ এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত৷ যোৱা ১৭ মাহ ধৰি দৰমহা নোপোৱা ৰঙিয়াৰ তুলসীবাৰীৰ এপ’লমিলৰ শ্ৰমিক ভূৱনেশ্বৰ মহন্তই বুধবাৰে নিশা বিনা চিকিৎসাই মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি শ্ৰমিকগৰাকীয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰিব পৰা নাছিল৷ যোৱা ১৭ নৱেম্বৰত মিলটোৰ মনো কুমাৰ নামৰ এগৰাকী শ্ৰমিকে আত্মহত্যা কৰিছিল৷

তাৰ পিছতেই ভূৱনেশ্বৰ মহন্তই বিনা চিকিৎসাই হৃদয়ত অযুত বেদনা লৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে৷ কেইটামান মাহৰ ভিতৰত চৰকাৰে দৰমহা আদায় নিদিয়া মিলটোৰ ৫গৰাকী শ্ৰমিকে মৃত্যুক আকোৱালি লৈছে৷ ৰঙিয়াৰ গৌৰৱ ৰূপে অভিহিত তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ৷ দীৰ্ঘ দিন ধৰি বেতন বঞ্চিত মিলটোৰ শ্ৰমিক-কৰ্মচাৰীসকলে জীয়াই থকাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷

বাৰে-বাৰে আন্দোলন কৰিও স্থানীয় বিধায়ক-চৰকাৰৰ সদিচ্ছাৰ অভাৱত হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে৷ ৫৮বছৰীয়া মহন্তই চিকিত্সাৰ অভাৱত অকাল মৃত্যুক আকোৱালি লব লগা হয়৷ মিলটোৰ প্ৰায় ৭০০শ্ৰমিকে এতিয়া প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈছে৷ এসাজ ভাতৰ বাবে ককবকাব লগা হয় সন্তানৰ সন্মুখত৷ তেওলোকৰ সন্তানে দুখৰ দিন পাৰ কৰিব লগা হয়৷

কাৰণ তেওলোকে চৰকাৰৰ চাকৰি কৰে যদিও দৰমহা কেইটা সময় মতে নাপায়৷ তেওলোকে কাম কৰা উদ্যোগটো মৃত্যুৰ সৈতে যুজিছে বাবে চৰকাৰে প্ৰয়োজন অনুভৱ নকৰে তেওলোকক তথা শ্ৰমিক-কৰ্মচাৰিসকলক৷ কোনোবা ৰামদেৱ, ভূৰকিয়া, লোহিয়াক চৰকাৰে মাটি-ৰাজসাহায্য দিবলৈ সাজু থাকে যদিও থলুৱা দৰিদ্ৰ শ্ৰমিকক সহায় কৰিবলৈ কুন্ঠাবোধ কৰে৷

ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ কৰ্মচাৰি-শ্ৰমিকৰ দুখ কোলাই-পাচিয়ে নধৰা হৈছে৷ বাৰে বাৰে দল-সংগঠনে চৰকাৰক শ্ৰমিকৰ দৰমহা মুকলি কৰি দিয়াৰ লগতে উদ্যোগটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ দৰমহা নাপায় বুকুত অযুত যন্ত্ৰণা লৈ চকুলো টুকি দিন পাৰ কৰি অৱশেষত মনোৰাম কুমাৰ নামৰ শ্ৰমিকগৰাকীয়ে আত্মহত্যা কৰে৷

ৰঙিয়াৰ গৌৰব তুলসীবাৰীস্থিত এপল'মিলৰ পুনৰ কাৰ্যক্ষম কৰণৰ দাবীত ধাৰাবাহিক আন্দোলন চলি থকাৰ মাজতে যোৱা ১৭ নৱেম্বৰত মিলটোৰ শ্ৰমিক, বিছেন্নালা গাঁও নিবাসী মনোৰাম কুমাৰে বাসগৃহৰ পাছফালে গামোচাৰে চিপ লৈ আত্মহত্যা কৰে৷ পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ সৈতে সুখৰ জীৱন কটাই অহা এপল'শ্ৰমিকগৰাকীয়ে বিগত চৈধ্য মাহে কৰ্মহীন হৈ পৰে৷ অৱশেষত আত্মহত্যা কৰে৷

তুলসীবাৰীৰ এপ'ল মিল পুণৰ কাৰ্যক্ষম কৰাৰ দাবীত বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু মিল শ্ৰমিক সন্থা, অগপ আদি দল-সংগঠনে ধাৰাবাহিক আন্দোলন কৰি থকাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ক্ৰমে ভয়াবহ পৰিস্থিতিৰ দিশে আগবঢ়িছে শ্ৰমিকৰ ভৱিষ্যৎ৷ আনহাতে স্থানীয় বিধায়ক ভূৱশ কলিতাই কোনো দিনে শ্ৰমিকৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিধান সভাৰ মজিয়াত এই বিষয়ত মুখ খুলিব নোৱাৰিলে ভৱেশে৷ নিজ দলৰে চৰকাৰ থকাৰ পিছতো মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ওপৰত ছাপ সৃষ্টি কৰিব পৰা নাই বিধায়ক ভৱেশে৷