মঙলদৈঃ দৰঙৰ লোক সংস্কৃতি, পৰম্পৰা, বৈচিত্ৰ্যময়। নামনি অসমৰ ওজাপালি বুলি ক'লেই দৰং জিলাৰ কথা মনলৈ আহে৷ ব্যাস সংগীত আৰু সুকন্নানী ওজাপালি দৰঙৰ লোকসকলৰ অতিকৈ আপোন। লোক কৃষ্টি-সংস্কৃতি, পৰম্পৰা, গীত-নৃত্যৰে চহকী দৰং জিলা৷

শাস্ত্ৰীয় উপাদানেৰে সমৃদ্ধ সত্ৰীয়া নৃত্য, মঠ মন্দিৰৰ লগত জড়িত নটীনাচ আৰু ওজাপালি আদিয়ো দৰঙৰ লোকে জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। দৰঙৰ যুৱ-প্ৰজন্ময়ো লোক কৃষ্টি-সংস্কৃতি, পৰম্পৰা, গীত-নৃত্যৰ প্ৰতি আকৰ্ষিত। ইয়াৰ মাজতে যুৱ প্ৰজন্মক নাগাৰা নামৰ আকৰ্ষিত কৰাৰ বাবে অনুষ্ঠিত হৈছে নাগাৰা নামৰ প্ৰশিক্ষণ শিবিৰ।

দৰং জিলাৰ বৰকলা আশ্ৰমত 'প্ৰেৰণা'ৰ উদ্যোগত অনুষ্ঠিত হৈছে লোক-সংস্কৃতিৰ কৰ্মশালা। ২৬ জুলাইৰ পৰা ৪ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া লগীয়া এই কৰ্মশালাত নৱ-প্ৰজন্মক আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে কৰ্মশালাৰ আয়োজন কৰা বুলি 'প্ৰেৰণা'ৰ কৰ্মকৰ্তা দুলু বড়োৱে জানিবলৈ দিয়ে।

কৰ্মশালাত অবিভক্ত দৰং আৰু কলাইগাঁৱৰ বহু প্ৰশিক্ষাৰ্থীয়ে অংশ লয়। লোক সংষ্কৃতিৰ প্ৰতি যুৱ-প্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে অনুষ্ঠিত কৰা কৰ্মশালাত অভিজ্ঞ পাঠকৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হৈছে। সহযোগ আগবঢ়াইছে দৰং জিলা নাগাৰা নাম সন্থাই। উল্লেখ্য যে, দুলু বড়ো নামৰ যুৱকজনে জন্ম দিয়া 'প্ৰেৰণা' আশ্ৰমত প্ৰতিদিনে বাদ্যযন্ত্ৰ, যোগ, প্ৰাণায়াম, লোক গীত-নৃত্যৰো প্ৰশিক্ষণ দিয়া হয়।