গোৰেশ্বৰঃ সাংস্কৃতিৰ অন্যতম কেন্দ্ৰ গোৰেশ্বৰৰ সাংস্কৃতিক সংঘৰ বাকৰি গীতে-মাতে জীপাল হৈ পৰে আজি দেওবাৰৰ দিনটোত।

কণ কণ শিশুৰ লগতে কিশোৰ কিশোৰীৰ নৃত্যৰ ছন্দে ছন্দে নাচি উঠে অভিভাৱকসকলো। ছাত্ৰ-ছাত্ৰীৰ হাতৰ তুলিকাত জীৱন্ত হৈ উঠে ছৱিবোৰ। আজি ২০ আগষ্টত বাক্সা জিলাৰ গোৰেশ্বৰৰ নটৰাজ নৃত্য-অভিনয়-ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ চাৰিবছৰীয়া বৰ্ষপূতি উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱস৷ ৰামছা যুৱক সাংস্কৃতিক সংঘৰ বাকৰিত আজি আয়োজিত চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত পুৱাৰ ভাগত পতাকা উত্তোলন কৰে গোৰেশ্বৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী কামিনী কাকতিয়ে।

বৃক্ষৰোপন কৰে গোৰেশ্বৰ প্ৰেছ ক্লাৱৰ সভাপতি অৰবিন্দ ডেকা আৰু সমাজকৰ্মী বসু চৌধুৰীয়ে। দিনৰ ১১ বজাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ডিমাকুছি প্ৰেছ ক্লাৱৰ উপসভাপতি পৱন নাথ।

ইয়াৰ পিছত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে মিথিংগা বড়ো, ৰোহিত বড়ো আৰু স্নেহলতা ডেকা।

সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অঞ্চলটোক আগুৱাই নিয়াত নৃত্য-গীতৰ মহত্ব সম্পৰ্কে ভাষণ প্ৰদান কৰে।