গোৰেশ্বৰঃ কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ নিউজ টাইম অসমৰ সাংবাদিক পুলিন বৈশ্যৰ আজি অকাল বিয়োগত মৰ্মাহত হৈ পৰিছ সংবাদ মহল। আজি বিয়লি প্ৰায় চাৰি বজাত আমিনগাঁওৰ নাৰায়ণ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে। 

যোৱা ২৬ ছেপ্তেম্বৰত কমলপুৰৰ ওচৰৰ দলমাত এটা বাতৰি সংগ্ৰহ কৰি ওভটাৰ পথত দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল সাংবাদিক গৰাকী। 

বাক্সা জিলাৰ গোৰেশ্বৰ প্ৰেছ ক্লাৱ আৰু গোৰেশ্বৰ প্ৰেছ গীল্ডে পুলিন বৈশ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।