
গোৰেশ্বৰঃ যোগাভ্যাস কৰিলে মানুহ সুস্থ হৈ থাকিব পাৰে৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰখাৰ বাবে দেশত এতিয়া যোগৰ জোৱাৰ উঠিছে। প্ৰতিজন মানুহৰ ওচৰলৈ যোগ- প্ৰণায়মক লৈ গৈ এখন নিৰোগী দেশ গঢ়াৰ কামত ব্ৰতী হৈছে অনুষ্ঠান-প্ৰতিষ্ঠান।
পিছ পৰি থকা নাই শিক্ষানুষ্ঠান সমূহো। বাক্সা জিলাৰ গোৰেশ্বৰৰ ব্যক্তিগত খণ্ডৰ উচ্চশিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান এন আৰ ডি এছ মহাবিদ্যালয়ত সেয়েহে সোমবাৰে এদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যোগ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়।
মহাবিদ্যালয়খনিৰ অধ্যক্ষা ড০ ৰীতামণি দেৱীয়ে বন্তি প্রজ্বলন কৰি যোগ শিবিৰটোৰ শুভাৰম্ভ কৰাৰ লগতে অংশগ্ৰহণকাৰী সকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। ছাত্ৰ-ছাত্ৰী সকলক যোগ-প্ৰাণায়ামৰ তত্ব আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে পতঞ্জলিৰ যুৱ ভাৰতৰ বাক্সা জিলাৰ প্ৰভাৰী ধ্ৰুবজ্যোতি ডেকাই। তেওঁক সহযোগ কৰে যোগ শিক্ষক ললিত ধাকলে। শিবিৰত মহাবিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অংশগ্ৰহণ কৰে।