বাহাকাবাৰীঃ ৫০ হাজাৰ টকাৰ বিনিময়ত গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ দি ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক৷ সন্দেহজনক লোকক ভুৱা প্ৰমাণ পত্ৰ দি সোমবাৰে জালত পৰিল নগাঁও জিলাৰ কামপুৰ  বকুলগুৰি চিৰ পথাৰৰ ছিয়াজুল হক নামৰ প্ৰৱঞ্চকগৰাকী৷ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ছিয়াজুলক।

জানিব পৰা মতে, ধৃত প্রৱঞ্চকটোৱে ৫০ হাজাৰ টকাৰ বিনিময়ত এজন বাংলাদেশী নাগৰিকক ভাৰতীয় প্ৰমাণ প্ৰত্ৰ দিয়াত সহায় কৰিছিল।

প্ৰৱঞ্চক ছিয়াজুল হকে কামপুৰৰ কুম্ভীৰডুবীৰ গাঁওবুঢ়া চন্দ্ৰ কান্ত বৰ্মনৰ চীল-মোহৰ ভুৱাকৈ সজাই বহুদিনৰ পৰা অনৈতিকভাৱে ৰমৰমীয়া ব্যৱসায় চলাই অহাৰো অভিযোগ উত্থাপিত হৈছে৷ ধনৰ বিনিময়ত বাংলাদেশৰ নখালি জিলাৰ এজন লোকক গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ দিছিল প্ৰৱঞ্চকটোৱে।