গোৰেশ্বৰঃ সাত দিনে সন্ধান নাই এগৰাকী যুৱকৰ৷ পিতৃ-মাতৃয়ে যুৱক জনক বিচাৰি হায়ৰাণ হৈ পৰিছে৷ মহানগৰীৰৰ এটা কোম্পানীত কৰ্মৰত পাৰৱীজ ৰহমান নামৰ যুৱকজন নিৰুদ্দেশ হয় গুৱাহাটী মহানগৰৰ পৰা৷ ২২ বছৰীয়া চফল যুৱক জনৰ ঘৰ বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ৫ নং গোৰেশ্বৰৰ গেৰুৱাত৷ পিতৃ আজিজৰ ৰহমানে ইতিমধ্যে গোৰেশ্বৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আজিলৈ কোনো খবৰ পোৱা নাই পুত্ৰৰ।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো শুংসুত্ৰ উদ্ধাৰ কৰিব পৰা নাই যুৱকজনৰ। পাৰৱীজ ৰহমানে গুৱাহাটীৰ ব্যক্তিগত কোম্পানীত কামকৰি আছিল বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰাই নিৰুদ্দেশ হোৱা যুবকজনৰ মোবাইল ফোনটোও বন্ধ হৈ আছে। কোনোলোকে যুৱকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষীক নতুবা ৯৬১৩১ ৩০৩৯৮ নম্বৰত খবৰ দিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

যোৱা এমাহ পূৰ্বে গোৰেশ্বৰ বজাৰ ৰোডৰ মুকুল দাস নামৰ যুবকজনো ৰঙিয়া ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হোৱাৰ লগতে এবছৰ পূৰ্বে গোৰেশ্বৰ চহৰৰ ধনজিৎ ভৰালীও দিল্লীলৈ কামৰ সন্ধানত গৈ নিখোজ হৈ আছে। ইয়াৰোপৰি যোৱা প্ৰায় ৭/৮ মাহ পূৰ্বে হাজলপাৰা গাঁৱৰ ৰামেশ্বৰ ৰাজবংশী নামৰ যুবকজনো হৈ আছে নিৰুদ্দেশ।

এই সন্দর্ভত কিন্তু গোৰেশ্বৰ আৰক্ষীৰ ভূমিকা হতাশজনক। যুবক নিৰুদ্দেশ হৈ থকা বিষয়টো আৰক্ষীয়ে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। আচলতে ক'ত হেৰাই যুৱকসকল। মানৱ অংগ সৰবৰাহকাৰী কোনো চক্ৰ সক্ৰিয় হৈ আছে নেকি ৰঙিয়া অথবা গোৰেশ্বৰত। বাৰে বাৰে যুৱক নিৰুদ্দেশৰ এনে ঘটনাই ভাবিবলৈ বাধ্য কৰাইছে গোৰেশ্বৰবাসীক৷