বৰক্ষেত্ৰীঃ যোৱা ১৭ দিনে সন্ধান নাই এগৰাকী ৰুগীয়া যুৱকৰ৷ ক'ত হেৰাল যুৱকজন৷ যোৱা ১৭ দিনেই যুৱকজনক বিচাৰি পৰিয়ালে চলাথ কৰিছে গুৱাহাটী মহানগৰী৷ পৰিয়াল আৰু আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰাটো দূৰৈৰ কথা, কোনো শুংসূত্ৰই লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাপোতা গাঁৱৰ গজেন ডেকাৰ পুত্ৰ পংকজ ডেকা (৩৪) যোৱা ১৩ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে৷ জানিব পৰা মতে, বৰুৱাপোতা গাঁৱৰ গজেন ডেকাৰ পুত্ৰ পংকজ ডেকা (৩৪) যোৱা ১৩ জুলাইত চিকিৎসাৰ বাবে গুৱাহাটী মহানগৰীৰ এখন চিকিৎসালয়লৈ আহে।

চিকিৎসালয়ৰ পৰা আদাবাৰীলৈ গৈ মুকালমুৱা অভিমুখে যোৱা গাড়ীত পংকজৰ পিতৃয়ে পংকজক আদাবাৰীত গাড়ীত উঠাই দিয়ে। গাড়াত উঠি চিটত বহা ৰোগাক্ৰান্ত পংকজ আজিলৈ ঘৰ আহি নাপালে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি পংকজৰ কোনো সম্ভেদ নোপোৱাত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়েও পংকজৰ শুংসূত্ৰ উলিযাব পৰা নাই। কোনো লোকে পংকজৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত নতুবা ৯৮৬৪৩-২৯২৬৯,৭০০২১-০৮৬৬৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়৷