
নগাঁওঃ নগাঁও জিলাৰ চকলাঘাটত এগৰাকী যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত চকলাঘাটত আজি এগৰাকী ২২ বছৰীয়া যুৱকে আত্মহত্যা কৰে৷
চকলাঘাটৰ ব্ৰাহ্মণগাঁও নিবাসী বিশিষ্ট ব্যৱসায়ী তীৰ্থ বৰাৰ ঘৰত যোৱা কেইবাবছৰো ধৰি দৰিদ্ৰ পৰিয়ালৰ অমূল্য বৰদলৈ ওৰফে পানীৰামে কাম কৰি আহিছিল৷
আন দিনাৰ দৰে আজিও যুৱকজনে পুৱা শুৱাৰ পৰা উঠি স্বাভাৱিকভাবেই ঘৰৰ কাম-কাজ কৰি গা-ধুবৰ বাবে পুৱা প্ৰায় ন’ বজাত স্নানাগাৰত সোমায় যদিও তাতেই এডাল প্লাষ্টিকৰ ৰছীৰে ছীপ লৈ আত্মহত্যা কৰে৷
ঘৰৰ গৃহস্থই এই ঘটনা প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় জাজৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা আৰ্থিক দৈন্যতাৰ বাবে পঢ়া-শুনা সাং কৰি বিগত বহু বছৰ ধৰি চকলাঘাটৰ ব্যৱসায়ীজনৰ ঘৰতে কাম কৰি আহিছিল৷
অমায়িক আৰু শান্ত প্ৰকৃতিৰ এই যুৱকজন সকলোৰে প্ৰিয়ভাজন আছিল৷ কিন্তু কি কাৰণত এই যুৱকজনে এনেদৰে আত্মহত্যা পথ বাছি ল’লে তাক লৈ এতিয়া সকলোৰে মাজত সৰব চৰ্চা চলিছে৷
যুৱকজনৰ এগৰাকী ভগ্নীয়ে প্ৰায় দহ বছৰ মান পূৰ্বে অনুৰূপ ধৰণে মৃত্যুক আকোঁৱালি লৈছিল বুলি জানিব পৰাৰ গৈছে৷ যুৱকজনে আত্মাহত্যা কিয় কৰিলে সেই কথা এতিয়ালৈ জানিব পৰা হোৱা নাই৷