চিচিবৰগাওঁঃ শিক্ষানুষ্ঠানক মন্দিৰ তথা মানৱ সম্পদ গঢ়াৰ কমাৰশাল বুলি গণ্য কৰে সমাজে। সমাজ তেতিয়া হে আগুৱাই যাব যেতিয়া অঞ্চলটোৰ শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

জোনাই মহকুমাৰ অগ্ৰণী শিক্ষানুষ্ঠান জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শৈক্ষিক দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে সমগ্ৰ মহকুমাটোত উচ্চ প্ৰশংসা লাভ কৰি আহিছে। শিক্ষানুষ্ঠানখনত শিক্ষা গ্ৰহণ কৰি আজিও সমাজৰ বিভিন্ন দিশত বহু লোকে সেৱা আগবঢ়াই আহিছে।

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ দৰে মহান বৃত্তিৰ সৈতে জড়িত শিক্ষক-কৰ্মচাৰীসকলক শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে ফুলাম গামোচা আৰু এটি গছ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত  জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক ধীৰাজ মিৰি, আঞ্চলিক সমিতিৰ সভাপতি জিতেন মিলি, সাধাৰণ সম্পাদক মাৰ্ধুয্য প্ৰতীম গগৈ উপস্থিত থাকে ।