- বিজেপি চৰকাৰে অসমত হিটলাৰী শাসন চলাইছেঃযুগল বৰুৱা
- বিজেপি মাফিয়া,গুন্দা সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰকঃকণ গগৈ

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কলা পতাকা প্ৰৰ্দশন কৰি প্ৰতিবাদ কৰি থকাৰ সময়তে বিজেপিৰ গুন্দা বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত শাৰিৰীক ভাৱে আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ তত্বাৱধানত থকা আছুৰ কৰ্মীৰ ওপৰত থানাৰ ভিতৰতে শাৰীৰিক আক্ৰমণ কৰা কাৰ্য্যক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ গণ সন্মিলনৰ লগতে মটক যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা দিছে ।
অঃজাঃযুঃছাঃ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কণ গগৈ, বৃহত্তৰ গণ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কয় সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰীক এনে ধৰণৰে আক্ৰমণ কৰি বিজেপি চৰকাৰে অসমত একনায়কত্ববাদ, ল'ৰা ৰজা আৰু হিটলাৰী শাসন চলাব বিচৰাটো প্ৰমাণ হৈছে বুলি অভিযোগ কৰাৰ লগতে নলবাৰীত বিজেপিৰ গুন্দা বাহিনীয়ে আছু কৰ্মীক নহয়, আক্ৰমণ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰা প্ৰতিজন ব্যক্তিক, দেশ আৰু জাতিক ভাল পোৱা প্ৰতিজন অসমীয়াক, প্ৰতাবাদী সত্বাক আক্ৰমণ কৰিছে ৷
নেতাকেইজনে আৰু লগতে কয় এনে আক্ৰমণক কেতিয়াও প্ৰশ্ৰয় নিদিও , বিজেপিৰ এনে হিটলাৰী শাসনক কেতিয়াও মানি লব নোৱাৰি, সেয়েহে আছুৰ কৰ্মীৰ ওপৰত অগণতান্ত্ৰিক ভাৱে আক্ৰমণ কৰা গুন্দা, মাফিয়া সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে ভৱিষ্যতে যাতে বিজেপিয়ে গণতান্ত্ৰিক ভাৱে আন্দোলন কৰা সকলৰ ওপৰত নিজৰ ভেৰোনীয়া গুন্দা বাহিনীৰ দ্ধাৰা আন্দোলন দমন কৰিবলৈ চেষ্টা নকৰে তাৰ বাবে চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰিছে ।