• মুখ্যমন্ত্ৰীৰ সভালৈ অহা কণমানি শিশুক আৰক্ষী প্ৰশাসনে গাৰ কাপোৰ খুলিবলৈ বাধ্য কৰা ঘটনাইজোকাৰিছে সমগ্ৰ ৰাজ্য
  • বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিহালীঃ সম্প্ৰতি ক’লা ৰঙ দেখিলেই ভয়ত ত্ৰস্তমান হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ, যাৰ পৰিণতি আজি দেখা পোৱা গ'ল বিশ্বনাথৰ বিহালীত এক হৃদয়বিদাৰক দৃশ্য । প্ৰচণ্ড ঠাণ্ডাৰ মাজতো এগৰাকী কণমানি শিশুক  কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হল একমাত্ৰ কলা ৰঙৰ বাবে ।

উল্লেখ্যযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত উত্তৰ পূৱ ক্ষেত্ৰ বস্ত্ৰ উন্নয়ন প্ৰকল্পৰ অধীনত বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ বৰগাঙত অনুষ্ঠিত হোৱা এড়ী স্পান চিল্ক মিলৰ আধাৰশিলা স্থাপন কৰিবলৈ আজি নিৰ্ধাৰিত সময়ত আহি উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।

এই অনুষ্ঠান উপলক্ষে আজি বিহালীৰ বিভিন্ন প্ৰান্তৰৰ পৰা এই আধাৰশিলা স্থাপন সভালৈ অহা ৰাইজৰ হয় বহু ধৰণৰ আলৈ আথানি আৰু অথন্তৰ । পূৱাৰে পৰা শাসকীয় দলৰ লগতে বিভিন্নধৰণৰ সমৰ্থকৰ আগমনত প্ৰশাসনযন্ত্ৰ সম্পূৰ্ণৰুপে সষ্টম হৈ পৰে । পূৰ্ব পৰিকল্পিত শাসকীয় দলৰ নেতাৰ মন্ত্ৰনা অনুযায়ী আৰক্ষী প্ৰশাসন অধিক সষ্টম হৈ নামি পৰে ক'লা কাপোৰৰ সন্ধানত । সভাৰ ভিতৰলৈ সকলোধৰণৰ ক'লা কাপোৰ নিষিদ্ধকৰণৰ নামত আৰক্ষী প্ৰশাসনে সাধাৰণ ৰাইজৰ লগতে মহিলা আৰু শিশুকো ৰেহাই নিদি এক প্ৰকাৰৰ ক'লা কাপোৰ খোলা ৰণাংগনলৈ পৰিণত কৰিলে মুখ্যমন্ত্ৰীৰ এই আধাৰশিলা স্থাপনৰ পবিত্ৰ অনুষ্ঠান।

অতি লক্ষ্যণীয় ৰূপত এগৰাকী মহিলাৰ কোলাত অহা দুবছৰীয়া দেৱ শিশুৰ গাৰ বস্ত্ৰও সাৰি নগ'ল আৰক্ষী প্ৰশাসনৰ তালাচীৰ পৰা । অতি দৃষ্টিকটুভাৱে আৰক্ষীয়ে ওপৰৱালা শাসকীয় ৰাজনৈতিক দলৰ নেতাৰ শ্ৰুতলিপি পালনৰ নামত দুবছৰীয়া এই দেৱ শিশুটোৱে পিন্ধি যোৱা ক'লা ৰঙৰ কাপোৰ খুলি নাঙঠ কৰা দৃশ্য ইতিমধ্যে সংবাদ মাধ্যমযোগে প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ অসমজুৰি৷ 

এই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সমগ্ৰ অসমবাসী।তীব্ৰ ধিক্কাৰ আৰু নিন্দা ,গৰিহণাৰে উপচাই পেলায় সোণোৱাল চৰকাৰৰ এই মাতব্বৰী কাৰ্যক৷ আনহাতে ৰাজ্যজুৰি এই অমানৱীয় দৃশ্য প্ৰচাৰ হোৱাৰ লগে লগে সৰৱ হৈ পৰিছে ৰাজ্যৰ সকলো দ'ল সংগঠনৰ লগতে নাগৰিক সমাজ। ইতিমধ্যে সোণোৱাল চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি কৃষক মুক্তি সংগ্ৰাম সমিতি বিশ্বনাথ জিলা সমিতি,সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতি ,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশ্ব নাথ জিলা সমিতি ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিহালী আহ্বায়ক সমিতি ,অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতি ,চিপি আই এম এল দলকে আদি কৰি সকলো দল সংগঠনে এই ঘটনাক এক প্ৰকাৰৰ হিটলাৰী আৰু স্বৈৰাচাৰী শাসনৰ পূৰ্ণ প্ৰতিফলন আখ্যা দি অনাগত দিনত এই ঘটনাৰ যোগ্য প্ৰতুত্তৰ দিয়া হব বুলি এক প্ৰকাৰৰ হুংকাৰ দিছে ।