newsnextone.com | ডিজিটেল ডেস্কঃ অশান্ত জম্মু-কাশ্মীৰ৷ প্ৰতিবাদৰ নামত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি শিলাবৰ্ষণ৷ সন্ত্ৰাসবাদী বিচাৰি চলোৱা সেনাৰ অভিযানে অশান্ত কৰি তুলিছে কাশ্মীৰক৷ ভাৰতৰ পৰ্যটনৰ স্বৰ্গ বুলি কলে বঢ়াই কোৱা নহ’ব কাশ্মীৰক৷ কিন্তু এই কাশ্মীৰ আজি অশান্ত৷ প্ৰতিপল গুলীৰ শব্দ৷ যেন গুলীৰ শব্দতহে পোহৰ হয় কাশ্মীৰত৷ সন্ত্ৰাসবাদীৰ বৰ্বৰতাই সকলো অতিক্ৰম কৰাৰ ফলত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাব লগা হয়৷ যাৰ ফলত সাধাৰণ ৰাইজে আজি যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ 

তাৰ মাজতে জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন৷ এই প্ৰতিবেদন বিতৰ্কৰ মাজত সোমাই পৰিছে৷ ৰাষ্ট্ৰ সংঘই জম্মু-কাশ্মীৰত মানবঅধিকাৰ উলংঘন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ৰাষ্ট্ৰ সংঘই কাশ্মীৰত মানব অধিকাৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সন্দৰ্ভত তৈয়াৰ কৰা এটি প্ৰতিবেদনক ভাৰতে ভ্ৰামক, পক্ষপাতিত্বমূলক আৰু প্ৰেৰিত আখ্যা দিয়ে৷ 

ইমানে নহয় ভাৰত চৰকাৰে এই অভিযোগ উত্থাপন কৰি প্ৰতিবেদন খাৰিজ কৰে৷ দেশৰ বিদেশ মন্ত্ৰালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপৰ্ট সম্পূৰ্ণ পক্ষপাতমূলক আৰু প্ৰেৰিত বুলি কয়৷ বিদেশ মন্ত্ৰালয়ে ভুৱা প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰা বুলি কয়৷ মন্ত্ৰালয়ে কয় যে দেশৰ অখণ্ডতা আৰু সার্বভৌম ক্ষমতা উলংঘন কৰিছে প্ৰতিবেদনে৷ 

বুধবাৰে জাৰি কাৰ প্ৰতিবেদন ভাৰত আৰু পাকিস্তান অধিকৃত কাশ্মীৰত মানবঅধিকাৰ উলংঘন কৰাৰ কথা উল্লেখ কৰে৷ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰাৰো কথা উল্লেখ কৰে ৰাষ্ট্ৰ সংঘই৷ 

বিদেশ মন্ত্ৰালয়ে কয় ‘‘ভাৰতে এই ৰিপৰ্ট খাৰিছ কৰিছে৷ এয়া ভ্ৰামক, পক্ষপাতমূলক আৰু প্ৰেৰিত৷ আমি এনে ৰিপৰ্ট চিন্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছো৷ এই ৰিপৰ্ট অস্পষ্ট তথ্য আৰু বচা বচা তথ্য একত্ৰিত কৰি তৈয়াৰ কৰা হৈছে৷’’

ভাৰতৰ অখণ্ডতা আৰু পক্ষপাতক উলংঘা কৰিছে৷ সম্পূৰ্ণ জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ৷ পাকিস্তানে জোৰ কৰি এই ৰাজ্যত অবৈধভাৱে দখল কৰিছে বুলিও কয় ভাৰতে৷