
নগাঁওঃ কৰ্মসংস্থাপনৰ বাবে যোৱা নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত কাকমাৰীৰ এজন যুৱক বৰ্হিঃৰাজ্যত সন্ধানহীন হোৱাৰ এঘাৰ দিন পাৰ হোৱাৰ পিছতো কোনো সম্ভেদ নোলোৱাত অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ মতে, কাকমাৰী বৰবড়িৰ নিতুমনি ডেকা(২২) নামৰ নিবনুৱা যুৱকজন কৰ্মসংস্থাপনৰ বাবে একে অঞ্চলৰে আন তিনিজন যুৱকৰ সৈতে যোৱা ১৯ মে’ত পুৱা ৬ বজাত ৰে’লৰ জৰিয়তে গুৱাহাটীৰপৰা বাংগালুৰু অভিমুখে যাত্ৰা কৰে৷ এনেদৰে যাত্ৰা কালতেই ২০ মে’ৰ নিশা প্ৰায় চাৰে দহ বজাত লগৰীয়া যুৱককেইজনৰ কাষৰপৰা প্ৰস্ৰাৱ কৰিবলৈ টয়লেটলৈ যোৱাৰ পিছৰে পৰাই চলন্ত ৰে’লতেই সন্ধানহীন হৈ পৰে নিতুমনি৷
পিছত নিতুমনিক বহু বিচাৰ-খুছাৰ কৰিও কোনো সম্ভেদ নোলোৱাত নিশা প্ৰায় চাৰে এঘাৰ মান বজাত লগত যোৱা যুৱককেইজনে নিতুমনিৰ ঘৰত ফোনৰ জৰিয়তে নিখুজ হোৱাৰ বিষয়ে অৱগত কৰাৰ বিপৰীতে পিছত চেন্নাই আৰক্ষীকো ঘটনাৰ সবিশেষ ব্যক্ত কৰে৷ উল্লেখ্য, উক্ত ৰে’লতে যাত্ৰা কৰা এজন লোকে নিতুমনি ৰে’লৰপৰা তললৈ পৰি যোৱা দেখা পোৱা বুলি লগৰীয়া যুৱককেইজনক জানিবলৈ দিয়ে যদিও কিদৰে পৰি গ’ল সেই সন্দৰ্ভত কিন্তু অজ্ঞাতাহে প্ৰকাশ কৰে৷
ইফালে, নিতুমনিৰ দুৰ্ভগীয়া পৰিয়ালৰ লোকে যুৱকজন নিখুজ হোৱা সন্দৰ্ভত স্থানীয় জাজৰি আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বিষয়টোত কোনো গুৰুত্ব আৰোপ নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ অভিযোগ মতে, নিৰুদ্দিষ্ট নিতুমনিৰ লগত একেলগে যোৱা আন তিনিজন যুৱক ঘটনাৰ দুদিনৰ পিছতেই ঘৰলৈ ঘুৰি আহে যদিও ঘটনা সন্দৰ্ভত সেই যুৱক তিনিজনক সোধা-পোছা কৰাৰ পৰা আশ্চৰ্যজনকভাৱে বিৰত আছে আৰক্ষী৷
আনকি নিতুমনিৰ জ্যেষ্ঠ ভাতৃয়ে আৰক্ষী থানাত গৈ নিতুমনিৰ কিবা শুং-সূত্ৰ পাইছে নেকি জানিব বিচাৰোতে ওলোতাই আৰক্ষীয়ে তেওঁক বহিঃৰাজ্যলৈ গৈ তাত বিচাৰিবলৈহে উপদেশ দিয়ে৷ আৰক্ষীৰ এনে কৰ্মকাণ্ডই এতিয়া আৰক্ষীৰ ভূমিকাকলৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এনেদৰে নিতুমনি সন্ধানহীন হোৱাৰ এঘাৰ দিন উকলি যোৱাৰ পিছতো কোনো সম্ভেদ বাহিৰ নোলোৱাত দুৰ্ভগীয়া পৰিয়ালটো এতিয়া সম্পূৰ্ণৰূপে মানসিকভাবে ভাগি পৰিছে৷ সেয়ে নিৰুদ্দিষ্ট নিতুমনিৰ কিবা সম্ভেদ যদি কোনো সদাশয় লোকে পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৯১০১৬-৮৫৯৭৭ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালবৰ্গই অনুৰোধ জনাইছে৷