ডিজিটেল ডেস্কঃ মাজ নিশা হঠাৎ ১৫ মিনিটৰ বাবে ৰহস্যজনকভাৱে বন্ধ হৈ পৰিছিল অক্সিজেন যোগান। ফলত চিকিৎসালয়ৰ বিছনাত জীৱন ঘূৰাই পাবলৈ আহি একে সময়তে মৃত্যুক সাবতিলে ১১ জনকৈ ৰোগীয়ে। ইয়াৰ ভিতৰত আছে দুটি শিশু। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এম ৱাই হাস্পতালত।

অৱশ্যে মৃত্যুৰ কাৰণ গোপনে ৰখাৰ চেষ্টা কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই। দাবী কৰা হৈছিল যে চিকিৎসালয়ত এনে মৃত্যু কোনো অস্বাভাৱিক ঘটনা নহয়। প্ৰতিদিনে এনে অলেখ ঘটনা ঘটে।

কিন্তু কেবাজনো অনুসন্ধানী সাংবাদিকে বিষয়টো ভালদৰে চাই দেখে যে ১১ জন ৰোগীৰ ৰেকৰ্ডৰ পৰা অক্সিজেন ছাপ্লাইৰ সকলো ৰেকৰ্ড অন্তৰ্ধান হৈ পৰিছে। চিকিৎসালয় কৰ্তৃপক্ষই কোনো কাৰণতে সেই ফাইল সাংবাদিকক দেখুৱাবলৈ অস্বীকাৰ কৰিছইল। ইয়াতেই ঘনীভূত হৈ উঠে সন্দেহ। ক্ষুব্ধ হৈ পৰে ৰোগীৰ আত্মীয়-স্বজন।

পিছত পোহৰলৈ আহে সকলো সত্য। জানিব পৰা মতে, নিশা প্ৰায় ৩ বজাত অক্সিজেন ছাপ্লাইত বিজুতিয়ে দেখা দিয়ে। ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত ১৫ মিনিটৰ বাবে হঠাৎ চিকিৎসালয়খনত বন্ধ হৈ পৰিছিল অক্সিজেনৰ যোগান। ইয়াৰ পিছতে অক্সিজেন যোগানৰ সকলো ৰেকৰ্ড গোপন কৰি ৰখা হয়।

বিষয়টো সন্দৰ্ভত চৰকাৰী স্বাস্থ্য বিষয়াক মেনেজ কৰাৰো অভিযোগ উত্থাপিত হৈছে। মহকুমা স্বাস্থ্য বিষয়াজনে ঘটনা সন্দৰ্ভত তদন্ত কৰি ১১জনকৈ ৰোগীৰ একে সময়তে মৃত্যু ঘটা ঘটনাক স্বাভাৱিক আখ্যা দিয়াৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।