গৌৰীসাগৰ/শিৱসাগৰঃ অসমৰ আৰক্ষীৰ জালত পৰিল চোৰাং তেল ব্যৱসায়ৰ সাম্ৰাজ্যৰ ১৪গৰাকী লোক৷ উজনিৰ শিৱসাগৰ আৰক্ষীৰ অভিযানত জালত পৰে চেলিম আহমেদ সহ ১৪ চোৰাং তেলৰ ব্যৱসায়ী তথা জুৱাৰী৷ শিৱসাগৰত জুৱাকে ধৰি বিভিন্ন ব্যৱসায়ত জড়িত ১৪গৰাকী লোকৰ ভিতৰত শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্তওঁ আছে৷

শিৱসাগৰত জুৱাৰ ঘাটি চলাই থকা বুলি অভিযোগ উত্থাপন হৈ অহা চেলিম আহমেদ আৰু পৌৰ সভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত সহ ১৪ জুৱাৰীয়ে শিৱসাগৰৰ বগীদ'ল সিংহ দুৱাৰত নিশা জুৱাৰ আড্ডা পাতি জুৱা খেলি থকা অৱস্থাতে অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰী আৰু নগৰ পৰিদৰ্শক উত্তম টামাঙৰ নেতৃত্বত চলোৱা অভিযানত জালত পৰে৷

আৰক্ষীৰ অভিযানৰ কালত আন দুজন জুৱাৰ চৰ্দাৰ পলায়ন কৰিবলৈ সক্ষম হয় যদিও শিৱসাগৰ আৰক্ষীয়ে জুৱাৰ আড্ডাস্থলীৰ পৰা AS-04-N-5288, AS-04-E-2042, AS-06-T-3936, AS-04-K-8134, AS-O4-P-4355 আৰু এখন নম্বৰ প্লেট বিহীন হোণ্ডাই আই-২০ সহ ছয়খন বিলাসী বাহনৰ লগতে ১ লাখ ৬ হাজাৰ টকাৰ উপৰি ১৪ টা ম'বাইল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ইফালে তেল চুৰিৰে শিৱসাগৰত ধন কুবেৰত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন হৈ অহা চেলিম এণ্ড কোম্পানীৰ জুৱাৰ আড্ডাই শিৱসাগৰৰ সমাজ জীৱন ধ্বংস কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ বৃহস্পতিবাৰে নিশা জালত পৰা ১৪গৰাকী জুৱাৰীক শুকুৰবাৰে আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে।