
খেৰণিঃ একে পৰিয়ালৰ তিনিজন লোকে এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত বাতৰি মতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানাৰ অন্তৰ্গত মাইলুৰ ২নং গোহা গাঁৱত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয় এটা পৰিয়ালে তিনিজন লোকৰ বিৰুদ্ধে৷ এই লম্পটকেইজন হৈছে তৰণীলাল চৌহান, উমা চৌহান আৰু গংগাসাগৰ চৌহান৷
দেওবাৰে আবেলি প্ৰায় ৩ বজাত ১৪ বছৰীয়া কিশোৰীগৰকীয়ে পিতৃ-মাতৃ নথকা অৱস্থাত বাসগৃহৰ সমীপতে থকা কুঁহিয়াৰ খেতিৰ কাষত ছাগলী বান্ধিবলৈ গৈছিল৷
তেনে সময়তে তিনি লম্পটে কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক মুখত কাপোৰেৰে সোঁপা দি কুহিয়াঁৰ খেতিৰ মাজলৈ টানি নি ধৰ্ষণ কৰে বুলি কিশোৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়ে৷
ইতিমধ্যে মাইলু উপ আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে ভূক্তভোগী পৰিয়ালে৷ অভিযোগ আৰু গোচৰ ৰুজুৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধানৰ সমান্তৰালকৈ অভিযুক্তক শীঘ্ৰে আটক কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷