নগাঁওঃ স্বাধীনতা দিৱসকলৈ তৎপৰ হৈ পৰিছে নগাঁও প্ৰশাসন তথা আৰক্ষী৷ বিদ্ৰোহী সংগঠনে সংঘটিত কৰিব পৰা যিকোনো কুটাঘাটমূলক কাৰ্য বিফল কৰিবলৈ সষ্টম হৈ পৰিছে আৰক্ষী৷

এই অনুযায়ী জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে ১৪৪ ধাৰা জাৰি কৰিছে৷ আৰক্ষীয়ে নিয়মীয়া তালাচী, নিশা পহৰাৰ ব্যৱস্থা কৰিছে৷ জিলা প্ৰশাসনে ৰাজহুৱা স্থান, বাছ আস্থান, ৰে’ল ষ্টেছন, বজাৰ আদিত নিৰাপত্তাৰ দিশটো সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছে৷

তদুপৰি জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে ৷ জিলাখনত যাতে উগ্ৰপন্থী সংগঠনৰ কোনো সদস্য প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে স্পৰ্শকাতৰ এলেকাবোৰত অৰ্দ্ধসামৰিক বাহিনীৰ সহযোগত চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে৷

নগাঁও জিলাত প্ৰধান উগ্ৰপন্থী সংগঠন আলফা(স্বাঃ)ৰ স্থিতি একেবাৰে শূন্য যদিও মাজে সময়ে দুই-এজন সংগঠনটোৰ সদস্য জিলাখনত প্ৰৱেশৰ ঘটনাই তাৎপৰ্যবহন কৰিছে৷