
গুৱাহাটীঃ কঠোৰ শাস্তি ভোগ কৰিলে দৰিদ্ৰৰ মুখৰ আহাৰ চান কাঢ়ি খোৱা বিয়াগোম কেলেংকাৰিৰ নায়কে। আজি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)ৰ গুৱাহাটীৰ আদালতে এহেজাৰ কোটি টকীয়া উত্তৰ কাচাৰ কেলেংকাৰিৰ কে’বাজনো অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে।
ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে কালি কেলেংকাৰিটোৰ অভিয়ুক্তসকল ক্ৰমে ৰেজাউল হুচেইন খান, মোহিত হোজাই, জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাই আদি ১৪ জনক এন আই এৰ গোচৰত দোষী সাব্যস্ত কৰে। ইয়াক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজি জনাকীৰ্ণ পৰিৱেশত আদালতে ৰায়দান কৰি ৰেজাউল হুচেইন খান, মোহিত হোজাই, জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইক ১০-১২ বছৰকৈ কাৰাদণ্ড বিহে।
কেলেংকাৰিটোৰ আন এজন অভিযুক্ত বাবুল কেম্প্ৰাইক আঠ বছৰৰ শাস্তি বিহা হৈছে। অৱশ্যে এই ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ব বুলি প্ৰকাশ কৰিছে অভিযুক্ত পক্ষৰ অধিবক্তা বিজন মহাজনে।
উল্লেখ্য চৰকাৰী বিষয়াই উগ্ৰপন্থী(ডি এইচ ডি)ৰে মিলি সংঘটিত কৰা এই বিয়াগোম কেলেংকাৰি পোহৰলৈ আনে ২০০৮ত গঠিত এন আই এ।
দুজন অস্ত্ৰ কাৰবাৰী মেঘালয়ত এন আই এৰ জালত পৰাৰ পাছতে কেলেংকাৰিটো ফাদিল হয়। দেশৰ আগশাৰীৰ তদন্তকাৰী সংস্থাটোৱে এই বিয়াগোম কেলেংকাৰি সম্পৰ্কত দুটা গোচৰ(০১,২০০৯ আৰু ০২, ২০০৯ নম্বৰৰ)ৰুজু কৰে। আজি এই দুটা গোচৰৰে ৰায়দান কৰা হয়।
ইয়াৰ পূৰ্বে ২০১০তে এন আই এই গ্ৰেপ্তাৰ কৰা ৰেজাউল হুচেইন খান বিগত সাত বছৰৰো অধিক কাল কাল কাৰাবাস খাটি আছে। লক্ষাণীয়ভাৱে এই বিয়াগোম কেলেংকাৰিৰ সৈতে একাংশ প্ৰভাৱশালী ৰাজনীতিকৰ নামো সাঙোৰ খাই আছে যদিও এইসকলৰ বিৰুদ্ধে কোনাে ব্যৱস্থা গ্ৰহণ কৰা নাই।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে অভিযোগ কৰা অনুসৰি এই বিয়াগোম কেলেংকাৰিত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত আছিল।