
newsnextone.com | ডিজিটেল ডেস্কঃ এভাৰেষ্ট আৰোহণৰ বাবে যোৱা ১৫ ভাৰতীয় আবদ্ধ হোৱাৰ খবৰ আহিছে৷ এভাৰেষ্টৰ পথত আৱদ্ধ হৈ পৰা ১৫ ভাৰতীয়ক সহায় কৰাৰ বাবে নেপালস্থিত ভাৰতীয় দূতাবাসক আহ্বান জনাই দেশৰ বিদেশ মন্ত্ৰী সুষমা স্বাৰাজে৷ বতৰৰ বাবে মাউণ্ট এভাৰেষ্টত আৱদ্ধ হৈ পৰে ভাৰতীয় আৰোহণকাৰীৰ দলটোৱে৷
Cc @SushmaSwaraj @Gen_VKSingh can you please help? We are about 15 Indians stranded in Lukla, Nepal waiting for evacuation. Local embassy contacted but no resolution yet. https://t.co/hZuXr28nNa
— Amit Thadhani (@amitsurg) May 26, 2018
ভাৰতীয় দলটোৰ এগৰাকী সদস্য অমিত ঠাডানীয়ে বিদেশমন্ত্ৰী সুষমা স্বৰাজ আৰু বিদেশ ৰাজ্য মন্ত্ৰী বিকে সিঙক টুইট কৰি দিছিল এই খবৰ৷ এভৰেষ্টত আবদ্ধ হোৱাৰ খবৰ দিয়া হৈছিল যদিও ভাৰতীয় দূতাবাসে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ নেপালৰ কাঠমাণ্ডুস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত মঞ্জীৱ সিঙক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে বিদেশমন্ত্ৰী সুষমা স্বৰাজে৷
Manjeev - Pls see this. @IndiaInNepal https://t.co/n36LJujmvW
— Sushma Swaraj (@SushmaSwaraj) May 26, 2018
লাকুলা বিমান বন্দৰত প্ৰতিকুল বতৰৰ বাবে ১৫ ভাৰতীয় আৰোহণকাৰী আবদ্ধ হৈ পৰে৷ বিমান সেৱা কোম্পানী মাছাচিছুক লাকুলালৈ যাতায়াতৰ বাবে টকা দিছিল দলটোৱে৷ কিন্তু বতৰৰ বাবে বিমান সেৱা বন্ধ কৰে কোম্পানীটোৱে৷