
গুৱাহাটীঃ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ত৷ ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীৰ বিৰুদ্ধে গোচৰ তৰাৰ ৰগতে আৰক্ষীয়ে তৰিছে ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ৷ যাৰ ফলত সৃষ্টি হয় উত্তাল পৰিস্থিতিৰ। ঘটনা অনুসৰি যোৱা ৫ নৱেম্বৰত নিশা এগৰাকী যুৱতীক এজন বন্ধুৱে হোষ্টেললৈ থ’ব আহে। উক্ত সময়ত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ জোৱান এগৰাকীয়ে অশ্লীল ব্যবহাৰ কৰি অপমান কৰে৷
কিন্তু বৃহস্পতিবাৰৰ নিশা ঘটনাটো পোহৰলৈ অহাত একাংশ ছাত্ৰ ছাত্ৰীয়ে ভদীয়া দাস নামৰ নিৰাপত্তাৰক্ষীগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে৷ কিন্তু আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অমান্তি হোৱাত উত্তাল হৈ পৰে আৰক্ষা থানা৷ পিছত একো নাই হৈ মুল অভিযুক্ত ভদীয়া দাসৰ বাসগৃহত গৈ লণ্ড ভণ্ড কৰে ছাত্ৰ-ছাত্ৰীয়ে৷
ইয়াতেই অন্য আৰক্ষীয়ে ক্ষোভিত হৈ বিশ্ববিদ্যালয় খনৰ সমুহ ১৫০০ ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে চৰকাৰি বিষয়াৰ কামত বাধা দিয়া আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অপৰাধত জামিন বিহীন গোচৰ তৰে৷ এতিয়া সম্পূৰ্ণ তেজপুৰ চহৰখনতেই এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ এহাতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ আনহাতে আৰক্ষীৰ অহং ভাৱ৷
একাংশ ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, বিশ্ববিদ্যালয় খনৰ নিৰাপত্তা ব্যৱস্থা একেবাৰে শোচনীয়৷ কৰ্ত্যবত মোতায়েন আৰক্ষী সকলেও মাথো চৰকাৰৰ পৰা দৰমহা কেইটাহে লয়, কামৰ ক্ষেত্ৰত একেবাৰে শূণ্য৷