ডিজিটেল ডেস্কঃ অমৰনাথত আকৌ ট্ৰেজেডী। যোৱা সপ্তাহত সন্ত্ৰাসবাদীয়ে ৮জন তীৰ্থযাত্ৰীৰ প্ৰাণ লোৱাৰ পিছত এইবাৰ অতি কমেও ১৬ জন যাত্ৰীৰ প্ৰাণ লয় নিয়তিয়ে। দেওবাৰে সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এইসকল লোকে।

প্ৰাপ্ত বাতৰি মতে, তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত বানিহাল নামৰ ঠাইখনৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দ খাবৱৈত বাগৰি পৰে। ফলত বাছখনত থকা ১৬ জন যাত্ৰী থিতাতে নিহত হয়। দুৰ্ঘটনাটোত আহত হয় ৩৫ জনকৈ যাত্ৰী।

যুদ্ধকালীন তৎপৰতাৰে আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত দ খাৱৈত বাগৰি পৰা বাছখনৰ পৰা আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

অনন্তনাগত সন্ত্ৰাসবাদী আক্ৰমণত ৮ জন অমৰনাথ যাত্ৰী নিহত হোৱাৰ কেইদিনমানৰ পিছতে সংঘটিত হোৱা এই দুৰ্ঘটনাই যাত্ৰীসকলক শংকিত কৰি তুলিছে।

⇒ তলৰ বাতৰিটো পঢ়িবলৈ ক্লিক কৰকঃ

►শিক্ষামন্ত্ৰী হিমন্তক এজন টেট শিক্ষকৰ প্ৰত্যাহ্বান

একাংশ লোকে এই ঘটনাৰ আঁৰতো সন্ত্ৰাসবাদীৰ হাত থাকিব পাৰে বুলি মন্তব্য কৰিছে যদিও সেয়া পোনছাটেই অস্বীকাৰ কৰিছে ৰামবান জিলাৰ আৰক্ষী বিষয়া মোহন লালে। তেওঁ স্পষ্ট কৰি দিয়ে যে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে বাছখন দ খাৱৈত বাগৰি পৰে।