
মোৰাঝাৰঃ হোজাই জিলাৰ কেইবাটাও প্ৰেছ ক্লাৱৰ দ্বাৰা গঠিত পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগত অহা ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ নীলবাগানৰ লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চৰাঘৰত উদযাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসুচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক বেদব্ৰত বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক ডি বৰা আৰু বিশিষ্ট সাংবাদিক জীয়াউৰ ৰহমানে৷
সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব হোজাই জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং, হোজাইৰ আৰক্ষী অধীক্ষক দেৱজ্যোতি মুখাৰ্জী, অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত বৰুৱা, অতিৰিক্ত উপায়ুক্ত অৰুপ পাঠক, আজমল ফাউণ্ডেচনৰ প্ৰবন্ধক খছৰুল ইছলাম আৰু ডবকাৰ চক্ৰ বিষয়া অনুসূয়া শৰ্মা৷
কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব সন্থাৰ সভাপতি সুব্ৰত সৰকাৰে৷ ৮.১৫ বজাত শ্বহীদ তৰ্পন কৰিব সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি মহানন্দ বৰদলৈয়ে৷ পুৱা ৯ বজাত বিশিষ্ট শিক্ষক শ্বাকিৰ আহমেদৰ সহযোগত বৃক্ষ ৰোপন কৰিব হোজাইৰ বন বিষয়া শ্বফিকুৰ ৰহমানে৷ পুৱা দহ বজাত সমাজ সেৱা মুলক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে এঘাৰ বজাত পূৰ্বোত্তৰ হোজাই জিলাৰ মুখপত্ৰ 'কলমৰ দাপোন' উন্মোচন কৰা হ’ব৷
পিছত হাজী আনফৰ আলী কলেজৰ মুৰব্বী অধ্যাপক হাচিনুচ চুলতানে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু সংবাদ মাধ্যমৰ ভুমিকা সন্দৰ্ভত আলোচনা চক্ৰ মুকলি কৰিব৷ প্ৰেছ দিৱস কাৰ্যসুচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে সন্থাৰ মুখ্য আহ্বায়ক বাচিত আলম চৌধুৰী, সভাপতি সুব্ৰত সৰকাৰ, উপ-সভাপতি কফিল উদ্দিন বৰভুঞা, সম্পাদক আব্দুৰ কাদিৰ আৰু সহ-সম্পাদক মাহমুদ আলীয়ে৷ ইতিমধ্যে প্ৰেছ দিৱসৰ কাৰ্যসুচী সফল কৰি তুলিবলৈ যমুনাভেলী প্ৰেছ ক্লাব, নীলবাগান প্ৰেছ ক্লাব, মোৰাজাৰ প্ৰেছ ক্লাব আৰু যমুনামুখ প্ৰেছ ক্লাবৰ সাংবাদিকসকল উঠিপৰি সলাগিছে৷