
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা নাইজেৰিয়াৰ এটি মছজিদত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত আছিল এগৰাকী ১৭ বছৰীয়া যুৱক৷ এই কথা প্ৰকাস কৰিছে দেশৰ চৰকাৰে৷ আফ্ৰিকা মহাদেশৰ এখন দুৰ্ভিক্ষ পীড়িত আৰু সন্ত্ৰাস জৰ্জৰিত দেশ হল নাইজেৰিয়া৷ ফুটবল খেলি ভাল পোৱা দেশ খনত যোৱা কেইবাটাও বছৰ বছৰ ধৰি উগ্ৰপন্থীয়ে খেলি আহিছে তেজৰ ফাকু৷
মঙলবাৰে পুনৰ তেজৰ ফাকু খেলে উগ্ৰপন্থীয়ে৷ দেশখনৰ উত্তৰ-পূব প্ৰান্তৰ এটা মছজিদত মঙলবাৰে পুৱা নামাজৰ সময়ত আত্মঘাতী বোমাৰুৰ হাতত ৫০জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়৷ আহত সকলক স্থানীয় হস্পিতালত ভৰ্তি কৰোৱা হয়৷ ঘটনা সংঘটিত হয় আডামাওৰ মুবি চহৰৰ এটি মছজিদত৷ ঘটনাৰ তদন্ত কৰাত ভয়াবহ তথ্য পোহৰলৈ আহিছে৷
এই ঘটনাৰ সৈতে ১৭ বছৰীয়া যুৱকে জড়িত থকা বুলি প্ৰকাশ কৰে৷ স্থানীয় সময়মতে ৰাতিপুৱা ৫.৩০ বজাৰ নামাজ পঢ়ি থকাৰ সময়তে সংঘটিত কৰে এই ঘটনা৷ নাইজেৰিয়ান আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আততায়ী ১৭বছৰীয়া যুৱক৷ এই পৰ্যন্ত কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও ঘটনাৰ সৈতে কুখ্যাত ইছলামীক সংগঠন বকো হাৰাম জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ কিয়নো এই সংগঠনটোৱে ১৪-২০ বছৰৰ যুৱকৰ হাতত আগ্নেয়াস্ত্ৰ তুলি দি অপৰাধ সংঘটিত কৰি অহাৰ বহু উদাহৰণ আছে৷ যোৱা এটা দশকত নাইজেৰিয়াৰ বিভিন্ন মছজিদ, স্কুল, বজাৰতসন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই প্ৰায় ২লক্ষ লোকক নিহত কৰে৷