• ম: মুস্তাক হুছেইন আৰু পলিমা চেতিয়া বসুমতাৰীলৈ শ্রেষ্ঠ সাংবাদিকতা বঁটা 
  • দিগন্ত বৰাক বিশিষ্ট সাংবাদিক তৰুণ দাৱ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান

কাজিৰঙাঃ গোলাঘাট জিলাৰ খুমটাই আঞ্চলিক সাংবাদিক সংস্থাই জন্ম লাভ কৰা এটা বছৰ সম্পূৰ্ণ হৈছে। এই উপলক্ষে কালি খুমটাই ৰংগমঞ্চত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। 

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি বাবুল গগৈ আৰু স্মৃতি তৰ্পন কৰে সংস্থাৰ মুখ্য উপদেষ্টা নবীন গোহাঁইয়ে। প্ৰয়াত বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু  মাল্যাৰ্পণ কৰে খুমটাই কলেজৰ অধ্যাপক ডঃ অনন্ত গগৈয়ে। 'ক' আৰু 'খ' দুটা শাখাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে অধ্যাপক ডঃ পৰেশ কলিতাই। দুপৰীয়া খুমটাই  আঞ্চলিক সাংবাদিক সংস্থাৰ উপদেষ্টা বিনয় ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। ৰাজখোৱাই সমাজৰ প্ৰতি সাংবাদিকৰ দায়িত্ব,কৰ্তব্য, জীৱন-জীৱিকা আৰু সাংবাদিকৰ প্ৰতি মালিক পক্ষ আৰু চৰকাৰৰ অনীহাৰ বিষয়ে ভাষণ প্ৰদান কৰে। জাতি ধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিল ২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰি এই বিলৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিবলৈ সকলো দল-সংগঠনৰ লগতে সাংবাদিকসকলকো আহ্বান জনায় ৰাজখোৱাই। 

সংস্থাৰ উপ-সভাপতি চন্দন বৰা আৰু দেৱজিৎ নন্দন গগৈয়ে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত খুমটাই আঞ্চলিক সাংবাদিক সংস্থাই প্ৰৱৰ্তন কৰা প্ৰথমবৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা বিশিষ্ট সাংবাদিক তথা "প্ৰতিদিন টাইম"ৰ গোলাঘাট জিলা ব্যুৰ' চীফ মহম্মদ মুস্তাক হুছেইনক আৰু কবি-সাহিত্যিক,সাংবাদিক কাজিৰঙাৰ পলিমা চেতিয়া বসুমতাৰীক মহিলা শ্রেষ্ঠা সাংবাদিকতা বঁটা প্ৰদান কৰে।

ইপিনে প্ৰয়াত বিশিষ্ট সাংবাদিক তৰুণ কুমাৰ দাৱ সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰথম বৰ্ষৰ কাৰণে গোলাঘাটৰ বিশিষ্ট সাংবাদিক দিগন্ত বৰাক প্ৰদান কৰে৷ সাংবাদিকতা বঁটা প্ৰাপক তিনিও গৰাকী বিশিষ্ট সাংবাদিকক পাটৰ অংগবস্ত্ৰ,গামোচা, জাপি,স্মাৰক, নগদ ধন আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। 

আনহাতে গোলাঘাট জিলাৰ ১৪ গৰাকী জ্যেষ্ঠ সাংবাদিক দ্বীপেন দত্ত, জয়দ্বীপ গুপ্তা, ৰঞ্জিত ৰজক,ববিতা বৰা, প্ৰিয়ংদ্বীপ কাকতি, জগত সোণোৱাল, পংকজ হাজৰিকা, বিকাশ বৰুৱা, প্ৰদ্যুৎ মহন্ত, প্ৰদীপ কুমাৰ বৰা, ধৰ্মেশ্বৰ হাজৰিকা, অমৰ শৰ্মা, দিগন্ত ভূঞা আৰু বিকাশ শৰ্মাক গামোচা,জাপি আৰু স্মাৰকেৰে বিশেষ সম্বৰ্ধনা জনায়। সভাত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে বিশিষ্ট সাংবাদিক অপূৰ্বব বল্লভ গোস্বামী। নিজৰ ভাষণ প্ৰসংগত গোস্বামীয়ে সংবাদ জগতৰ অতীত-,বৰ্তমান আৰু সাংবাদিক সকলৰ সমাজৰ প্ৰতি দায়বদ্ধতাৰ সম্পৰ্কত এক দীঘলীয়া ভাষণ প্ৰদান কৰি বিতৰ্কিত বিধেয়ক নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনায়। মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাই  জাতিৰ উৰ্দ্ধত ৰাজনীতি হ'ব নোৱাৰে, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিল ২০১৬ পাছ কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে, এই বিল পাছ হ'লেই অসমৰ ভাষা, সংস্কৃতিৰ লগতে মৌলিক অধিকাৰ পৰ্যন্ত খৰ্ব হ'ব বুলি উল্লেখ কৰাৰ লগতে জাতিৰ সংকটৰ এনে জটিল সন্ধিক্ষণত জাতি ধ্বংসী বিল বাতিল কৰাৰ ক্ষেত্ৰত চতুর্থস্তম্ভ তথা সমাজৰ অতন্দ্র প্ৰহৰী সাংবাদিকৰ দায়িত্ব অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। 

সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, গোলাঘাট জিলা জনসংযোগ বিষয়া, বিজেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহ: সম্পাদক জিতুল ৰাজখোৱা, বিশিষ্ট সমাজকর্মী ঠগীৰাম গগৈ, গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ বৰুৱাকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তিয়ে। চিত্ৰাংকন প্ৰতিযোগিতাৰ "ক" শাখাৰ প্ৰথমস্থান ঝৰ্ণা নেওগ, দ্বিতীয় ধীৰাজজ্যোতি গগৈ আৰু জাগৃতি গগৈয়ে‌ তৃতীয় স্থান আৰু "খ" শাখাৰ প্ৰথমস্থান মৃন্ময় বৰা, দ্বিতীয় বিপাক্ষী গগৈ আৰু তৃতীয় স্থান লাভ কৰা আলোক ৰাজখোৱাক মুকলি সভাত মানপত্ৰসহ বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰে। সভাত দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সভাৰ শলাগ জ্ঞাপন কৰে খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ মুখ্য উপদেষ্টা নবীন গোহাঁইয়ে।