
newsnextone.com | নামতিঃ ৰাজ্যত হত্যা, ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ সময়তে উজনিৰ শিৱসাগৰ জিলাত দুটি কণমানিক অপহৰণৰ কৰি এটি ৰেল ষ্টেচনত আৱদ্ধ কৰি ৰখাৰ খবৰে উজনিৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন৷ উজনিত সক্ৰিয় হৈ থকা বিদ্ৰোহী দমনৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখাৰ সময়তে আৰু সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষী গিজগিজাই থকাৰ মাজতে দুটি কিশোৰক বহিঃৰাজ্যলৈ নিয়াৰ উদ্দেশ্যে ৰেলত ভৰাই নি এটি ৰেল ষ্টেচনত ৪৮ ঘণ্টা ধৰি আৱদ্ধ কৰি ৰখাৰ ভয়াবহ খবৰ পোহৰলৈ আহিছে৷
অন্ধকাৰ কোঠাত অনাহাৰে সময় কটোৱা দুই শিশুৱে নিজৰ বুদ্ধিৰ বলত পলাই ঘৰলৈ উভতি আহিবলৈ সক্ষম হয়৷ ৰেল লাইনৰ সমীপত খেলি থকা অৱস্থাতে দুটি শিশুক ৰেলত উঠাই লৈ গৈছিল উজনিৰ শিৱসাগৰ জিলাৰ পৰা৷ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ জানিব পৰা মতে, শিৱসাগৰ জিলাৰ নামতিৰ গাহৰিচোৱাবাৰীৰ দুই কিশোৰক অপহৰণ কৰি নিছিল যোৱা ৪ জুনত৷ দৰিদ্ৰ বাবু গগৈৰ ১০ বছৰীয়া পুত্ৰ হীৰেণ গগৈ, ভাস্কৰ গগৈৰ প্ৰথম শ্ৰেণীত পঢ়ি থকা পুত্ৰ জিতু গগৈক ৰেলযোগে অপহৰণৰ কৰি নিয়ে৷
যোৱা ৪জুনত দুই শিশুৱে সন্ধিয়া খেলি থকা অৱস্থাতে কোনো অজ্ঞাত লোক তেওঁলোকৰ ওচৰলৈ আহে৷ তাৰ পিছতে ৰেলগেটৰ সমীপৰ পৰা তেওঁলোকক ভয় দেখুৱাই ৰেলত উঠাই লৈ যায়। চিঞৰিবলৈ বাধা প্ৰদান কৰি দুয়োকে ৰেলত উঠাইছিল বুলি প্ৰকাশ কৰে দুই কিশোৰে৷ তাৰ পিছতে এটা ৰেল ষ্টেচনত তেওঁলোকক নমাই কোঠাত আৱদ্ধ কৰি ৰাখে৷ অনুমান কৰা মতে যোৰহাটৰ মৰিয়নি ৰেল ষ্টেচনৰ এটা কোঠালিত সোমাই ৰাখিছিল অপহৰণকাৰীয়ে।
অপহৰণকাৰীয়ে বন্দী কৰি থোৱা কোঠালিটোৰ দৰ্জা খুলিবলৈ চেষ্টা কৰি ভাগৰি পৰিছিল দুই কিশোৰ। পিছত দৰ্জাত খুন্দিয়াই বাহিৰলৈ আহিবলৈ চেষ্টা কৰা অৱস্থাতে কোনো অচিনাক্ত লোকে দৰ্জা খুলি দিয়াত পলাই সাৰে এই দুই ৰিশোৰে। তাৰ পিছতে পুনৰ ৰেলত উঠি ৬ জুনত ঘৰ ওলাই দুই কিশোৰ৷ ৰহস্যজনক এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আনহাতে এই ঘটনাক সহজ লোৱা নাই অঞ্চলটোৰ লোকে৷ কিয়নো এখন ৰেলত নিৰপত্তাৰক্ষী নিয়োগ হৈ থকাৰ লগতে ষ্টেচন সমূহত নিৰাপত্তাৰক্ষী মোতায়ন হৈ থাকে৷ তাৰ পিছতো কেনেকৈ ৰেল ষ্টেচনৰ কোঠাত কিশোৰক আৱদ্ধ কৰিলে তাকেই লৈ উত্থাপন হৈছে গুৰুতৰ প্ৰশ্ন৷ আনহাতে দৰিদ্ৰ পৰিয়ালটোৱে দুই শিশুক বিচাৰ সোচাৰ কৰি আছিল যদিও আৰক্ষীক খবৰ দিয়া নাছিল৷ ৭ জুনত newsnextone.comৰ উজনিৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে ঘটনাৰ খবৰ লাভ কৰি শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীক খবৰ দিয়ে৷