
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীপাৰাত দুগৰাকী কিশোৰী নিৰুদ্দেশ হৈ থকাৰ ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত হাতীপাৰা-ফকিৰপাৰা গাঁৱৰ ফজৰ আলীৰ ১৩ বছৰীয়া কন্যা ছানিয়াৰা খাতুন একেখন গাঁৱৰে আব্দুল মালেকৰ ১৭ বছৰীয়া কন্যা ৰৌশ্বনাৰা খাতুনে যোৱা ২৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
জানিব পৰা মতে, দুয়োগৰাকী কিশোৰীয়েয়ে ২৯ ডিচেম্বৰৰ পুৱা ১১ বজাত ফকিৰপাৰাৰ নিজ ঘৰৰ পৰা মোমায়েকৰ ঘৰলৈ যাম বুলি ওলাই গৈছিল। ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা আজিলৈকে কিশোৰী দুগৰাকীয়ে ঘৰলৈ উভতি অহা নাই।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ উলিয়াব নোৱাৰি অৱশেষত গৰৈমাৰী আৰক্ষীৰ কাষ চাপে। ৩০ ডিচেম্বৰত গৰৈমাৰী আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। আনহাতে এটি অচিনাকী নম্বৰৰ পৰা ফোন কৰি কিশোৰীদুগৰাকী খানাপাৰত থকা বুলি কয় পৰিয়ালৰ লোকক৷
ৰাণী চাইল্ড লাইনৰ টিম মেম্বাৰ অৱণী কলিতা কিশোৰীয়ে ফোন কৰা 8921588678 নম্বৰত ফোন কৰি তথ্য জানিব বিছৰাত ৰং নম্বৰত লগা বুলি কয়। আব্দুল মালেকৰ কন্যা ৰৌশ্বনাৰা খাতুনে ৩০ ডিচেম্বৰত 7597382085 নম্বৰৰ পৰা হাৰিয়ানাত থকা ভিনিয়েকক ফোন কৰা বুলি জানিব পৰা গৈছে৷
ঘটনাক কামৰূপ জিলাৰ চাইল্ড লাইনৰ কৰ্মকৰ্তা সকলে গুৰত্ব সহকাৰে লোৱা বুলি কৈ কিশোৰী দুগৰাকীক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি কয়৷ কিশোৰী দুগৰাকী কোনো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।