
কোকৰাঝাৰঃ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত মঙলবাৰে এগৰাকী এনডিএফবিৰ কেডাৰক সেনাই অস্ত্ৰ সৈতে আটক কৰাৰ ৩০ ঘন্টা পাৰ নৌহওঁতেই বুধবাৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰীত অস্ত্ৰ সৈতে সেনা-আৰক্ষীৰ জালত পৰিল দুজন এনডিএফবিৰ কেডাৰ৷
এক গোপন সুত্ৰৰ পম খেদি আৰক্ষী, সেনাবাহিনীৰ তৃতীয় ৰাজপুট ৰেজিমেন্ট, ২১০নং কোব্ৰা চি আৰ পি এফ আৰু ৬৪নং এছ এছ বি বেটেলিয়নে বুধবাৰে পুৱা ৫ বজাত যৌথ অভিযান চলাই দুজন দুৰ্ধৰ্ষ এন ডি এফ বি (সং) কেডাৰ আটক কৰিবলৈ সক্ষম হয়।কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত আউজাৰগুৰী গাঁৱৰ প্ৰয়াত তৰুন বসুমতাৰীৰ পুত্ৰ কঞ্জিৎ বসুমতাৰী ওৰফে বি খামদৌ(২৩) আৰু চেৰফাংগুৰী থানাৰ অন্তৰ্গত ঝাৰবাৰী চোলহাৎ গাঁৱৰ প্ৰয়াত ৰাজেন বসুমতাৰীৰ পুত্ৰ ছোমখৌৰ বসুমতাৰী(২৩) বুলি চিনাক্ত কৰে আৰক্ষীয়ে।
পৰৱৰ্তী সময়ত ধৃত কেডাৰ জনৰ স্বীকাৰোক্তিৰ ভিত্তিত এটা ৭.৬৫ এম এম পিষ্টল, দুই জাই ৭.৬৫ গুলী, এটা ৰিভলভাৰ, পাঁচ জাই ৯ এম এমৰ সজীৱ গুলী, ১৪০০ নগদ ধন আৰু দুটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কোকৰাঝাৰ জিলা উপ-আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে জনোৱা মতে ইয়াৰে কঞ্জীৎ বসুমতাৰী ওৰফে বি খামদৗয়ে এনডিএফবিৰ ৪ নং দলৰ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত কেডাৰ। কেডাৰজনে ম্যানমাৰৰ পৰা কোকৰাঝাৰ অঞ্চলত আহি হিংসাত্মক ঘটনা সৃষ্টি কৰিবলৈ পৰিকল্পনা কৰিছিল। আনজন ধৃত সদস্যই খাদ্য আহাৰ যোগান ধৰা, নতুন সদস্য ভৰ্তিকৰণ আৰু ধন সংগ্ৰহৰ দৰে কাম কৰিছিল। সম্প্ৰতি ধৃত এন ডি এফ বি দুয়োজন সদস্য কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত জেৰা চলি আছে।