ৰঙিয়াঃ ৰেলবিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰা দুই ৰেল যাত্ৰীক আটক৷ ৰেল বিভাগৰ কৰ্তব্যৰত এজন কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে ৰঙিয়াত জি আৰ পি এফে দুজনকৈ ৰেল যাত্ৰীক আটক কৰে।

যোৱা ১৮ ডিচেম্বৰত ঘোগ্ৰাপাৰ ৰেলষ্টেছনত চণ্ডিচৰণ দাস নামৰ ৰেল কৰ্মচাৰীজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি নলবাৰী জিলাৰ সোণকুচি গোপালথানৰ বনমালী ডেকা (২৫) আৰু দীঘলী বৰডাঙেৰীৰ গৌতম শৰ্মাক (৩১) আটক কৰে জি আৰ পি এফে৷

উজনিমূৱা মানস ৰাইনো ৰেলখনক নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ খন ৰখাই ক্ৰচিং কৰিব দিয়াত মানস ৰাইনো ৰেল কিছু সময় ৰখাব লগা হোৱাত উত্তেজিত হৈ দুয়ো যুৱকে আক্ৰমণ কৰিছিল চণ্ডিচৰণ দাস নামৰ ৰেল কৰ্মচাৰীজনক৷

লগে লগে কৰ্মচাৰীজনে নলবাৰী জি আৰ পি থানাত এক গোচৰ ৰুজু কৰে। ঘটনা সন্দৰ্ভত দুই এজন সচেতন যাত্ৰীয়ে নলবাৰী জি আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাক ১৮ ডিচেম্বৰত যুৱক দুজনে ৰেল কৰ্মচাৰীজনক প্ৰহাৰ কৰাৰ দৃশ্য তথা ভিডিঅ’ জমা দিয়াত ভিডিঅ ফুটেজৰ আধাৰত যুৱক দুজনক আটক কৰে। ৰঙিয়া জি আৰ পি এফে মানস ৰাইনো ৰেলত তালাচী চলাই যাত্ৰী তথা যুৱক দুজনক চিনাক্ত কৰি আটক কৰে।