31
Mar
2018

ওৰাংঃ বিটিএডিত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে৷ যোৱা কেইবাটাও দিনৰ ভিতৰত বিটিএডি এলেকাত কেইবাগৰাকী এনডিএফবিৰ কেডাৰ ধৰা পৰাৰ সময়তে ওদালগুৰি জিলাৰ ওৰাঙত শুকুৰবাৰে নিশা সেনা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় দুজন এনডিএফবিৰ কেডাৰ৷
ওৰাং আৰক্ষী আৰু মাজবাটস্থিত সেনাৰ যুটীয়া অভিযানত এনডিএফবি(স)ৰ দুৰ্ধৰ্ষ সদস্য বিশ্বনাথ চাৰিআলিৰ ধাৰ্মিক নাৰ্জাৰী আৰু ঢেকিয়াজুলিৰ প্ৰদীপ দৈমাৰী জালত পৰে৷
আৰক্ষী বাহিনী আৰু সেনাই গোপন সূত্ৰৰ পম খেদি যাত্ৰীবাহী বাছত অভিযান চলাই কেডাৰ দুজনক আটক কৰে। কেডাৰ দুজনত আটক কৰি মাৰাথান জেৰা চলাই আৰক্ষীয়ে৷ তাৰ পাছতেই ওৰাং থানাৰ ২৭/১৮ নম্বৰ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ যে, ওৰাং, ৰৌতা, মাজবাট, ঢেকিয়াজুলিত শীৰ্ষ নেতৃত্বৰ নিৰ্দেশ মৰ্মে ধন সংগ্ৰহৰ অভিযানত নামি পৰিছিল দুই দুৰ্ধৰ্ষ NDFBৰ কেডাৰ দুজনে৷