newsnextone.com | ৰঙিয়াঃ অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰঙিয়াত ২০টা সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ নেতৃত্বত ওলাই অহা কেইবাশতাধিক লোক ৰাজপথত গৰজি উঠিল শনিবাৰে৷

ছাত্ৰ-ছাত্ৰী, সমাজ সচেতন লোক, জ্যেষ্ঠ নাগৰিক ৰঙিয়া চহৰলৈ ওলাই আহি বিশাল প্ৰতিবাদী সমদলত অংশ লয়। আই অসমীক ৰক্ষা কৰাৰ শ্ল’গান দি ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ পৰা ৰঙিয়া চহৰৰ মাজেৰে যাত্ৰা কৰি পুনৰ কৃষক শ্বহীদ ভৱনত উপস্থিত হয়। ২০টা সংগঠনৰ নেতৃত্বত ওলাই অহা লোকে বাটৰ নাট, সংগীত পৰিৱেশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, দলৰ স্বাৰ্থত অসমীয়া জনসাধাৰণক প্ৰতাৰণা নকৰিব আদি শ্ল’গানৰে ৰঙিয়াৰ আকাশ-বতাহ উত্তাল কঁপাই তোলে। 

ছাত্ৰ সংগঠনৰ লগতে ৰাজনৈতিক দল তথা সাংস্কৃতিক সংগঠনৰ কেইবাজনো নেতা উপস্থিত থাকে সমদলত৷ অগপৰ ৰঙিয়া ব্লক সমিতিৰ যুটীয়া সম্পাদক দ্বীপেশ দাসে অসমীয়া জাতি ধ্বংসী নাগৰিক সংশোধনী বিধেয়কখন গৃহিত হলে অসমৰ ৰাইজ সাংঘাটিক ভাবে অস্তিত্বৰ সংকটত পৰিব বুলি কয়। মুখ্যমন্ত্ৰী সৰ্বানন্দই কোৱাৰ দৰে অসমৰ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ কথাৰ বিপৰীতে এই বিধেয়ক খন গৃহিত হলে সমন্বয়ৰ বিপৰীতে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰত বসবাস কৰা লোকসকলৰ মাজত ভেদাভেদৰহে সৃষ্টি হ’ব বুলি উল্লেখ কৰে। 

আনহাতে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে আহ্বান জনায়। প্ৰতিবাদকাৰীসকল ৰঙিয়াৰ ঐতিহাসিক ৰাইজমেল কৃষক শ্বহীদ ভৱনত উপস্থিত হোৱাত দল-সংগঠনৰ বিষয়-ববীয়াই স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ কামৰূপৰ উপাযুক্তলৈ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ লগতে এই আইন কোনো কাৰণত অসমৰ ৰাইজে গ্ৰহণ নকৰে বুলি স্মাৰকত উল্লেখ কৰে। 

আইনখনৰ দ্বাৰা অসমৰ সকলো ধৰ্মৰ মাজত থকা সমন্বয়ত ব্যাঘাট জন্মাব বুলি কয়। ভাষাৰ ভিত্তিত হঁওক ধৰ্মৰ ভিত্তিতে হঁওক এই আইনখন বলৱৎ হোবাৰ পিচত অসমত পুনৰ এক সংঘাটৰ সৃষ্টি হ’ব বুলি আশংকা কৰে সংগঠসমূহে। আইনখনৰ সন্দৰ্ভত অসমৰ ৩০ খন জিলাতে কমেও এসপ্তাহকৈ সময় নিৰ্ধাৰণ কৰি শুনানি অনুষ্ঠিত কৰিবলৈ সংগঠন সমূহে দাবী কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙিয়া আঞ্চলিক সমিতি, ৰঙিয়া মহকুমা সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াৰ লগতে ৰঙিয়া জিলা আৰু আঞ্চিলিক সমিতি, ৰঙিয়া লেখিকা সমাজ, অসম গণ পৰিষদৰৰ ৰঙিয়া জিলা সমিতি, যুৱ পৰিষদৰ ৰঙিয়া জিলা সমিতি, ৰঙিয়া প্ৰেছ ক্লাৱ, জনবিকাশ উন্নয়ণ মঞ্চ, গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি, কামৰূপ জিলা এনএচ উ আই, ৰঙিয়া ব্যৱসায় সন্থা, জ্যেষ্ঠ নাগৰিক সমিতি, ৰঙিয়া ভাইমন গ্ৰুপ, নটৰাজ নাট্যদল, সাংস্কৃতিক অনুষ্ঠান শিপা, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ৰঙিয়া সচেতন নাগৰিক মঞ্চৰ লগতে ৰঙিয়াৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সমদলত অংশ গ্ৰহণ কৰে।