ফিলোবাৰীঃ ২০১৮ বৰ্ষত তিনিচুকীয়া জিলাত অনুষ্ঠিত হব অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন ৷ তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিঙত অধিৱেশনকলৈ এতিয়াৰ পৰা চলিছে গুণগঠা ৷ বুঢ়ীদিহিঙৰ কঁঠালগুৰি আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আজি অনুষ্ঠিত হব বিশাল ৰাজহুৱা সভা।

ৰাজহুৱা সভাত ২০১৮ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশনৰ আদৰণী সমিতি গঠন হব। উল্লেখ্য যে ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰীত বুঢ়ীদিহিঙৰ ৰিতুপথাৰত অনুষ্ঠিত হ'ব সভাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশন ৷