
যোৰহাট/গুৱাহাটীঃ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অসমীয়া জাতীৰ প্ৰভূত্বৰ প্ৰতি সংকট আহি পৰিছে৷ শেহতীয়াকৈ চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড আৰু জুৰীয়া কাণ্ডই ইয়াকে প্ৰমাণ কৰে৷ চিলাপথাৰ চ'ক বজাৰত থকা চিলাপথাৰ আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিছিল একাংশ অনা-অসমীয়াই। সেই ঘটনাই তিনি মাহ পাৰ হৈ যোৱাৰ পাছত পুনৰ একাংশ সন্দেহজনক লোকে নগাঁৱত আক্ৰমণ কৰিলে থলুৱাক৷ নগাঁৱত আক্ৰমণ কৰে প্ৰাক্তন আলফাৰ এটি দলক৷
বান সাহায্য বিছাৰি যোৱা প্ৰাক্তন আলফাক ব্যৱসায়ীয়ে হত্যাৰ চেষ্টা কৰা ঘটনাই উত্তাল হয় ৰাজ্য৷ জুৰীয়াত অসমীয়াৰ চেনেহৰ গামোচা জ্বলাই আঘাত দিয়ে অসমীয়াক৷ ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধি চক্ৰই শ্বহিদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ তাৰ মাজতে যোৰহাটত একত্ৰিত হ’ব ৰাজ্যৰ কেইবাটাও দল-সংগঠন৷
জাতীক শক্তিশালি কৰাৰ স্বাৰ্থত যোৰহাট জিলা পুথিভড়ালত ৰাজ্যৰ খিলঞ্জীয়া তথা জাতীয়তাবাদী সংগঠনক একত্ৰিত কৰা এক হৈ থিয় দিয়াৰ প্ৰয়াস কৰাৰ বাবে অনুষ্ঠিত হ’ব মত-বিনিময় অনুষ্ঠানৰ৷ ২৩ চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া মত-বিনিময় অনুষ্ঠানত ৰাজ্যৰ সকলো দল-সংগঠন তথা জাতীয়তাবাদী লোকক উপস্থিত থাকিবলৈ অাহবান জনায় কেইবাটাও সংগঠনে৷ সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া মত-বিনিময় অনুষ্ঠানত ৰাজ্যৰ কেবাগৰাকী বুদ্ধিজীৱিৰ লগতে জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদয়ন কুমাৰ গগৈয়ে৷
গগৈয়ে ৰাজ্যৰ জাতীয়তাবাদী লোকসকলক এই অনুষ্ঠানত উপস্থিত থকাৰ আহ্বান জনাই খিলঞ্জীয়া ভূমিপুত্রৰ অসম দেশ, এই দেশত বিদেশীৰ দপদপনি সহ্য কৰা ন’হব বুলি কয়৷ বহিৰাগতৰ আক্ৰমণ সহ্য কৰি অসমীয়াই প্ৰত্যাক্ৰমণ কৰিবই লাগিব বুলি মন্তব্য কৰে গগৈয়ে৷ অসমীয়াই নিজকে মৰাণ, মটক, কলিতা, কোচ, কছাৰি নামেৰে পৃথকে পৃথক পৰিচয় দিবলৈ ধৰাত অসমীয়া জাতি দুৰ্বল হৈ পৰিছে৷
সকলো খিলঞ্জীয়াই ঐক্যবদ্ধ হৈ নিজকে অসমীয়া বুলি পৰিচয় দিলেহে অসমীয়া জাতিটো পুনৰ শক্তিশালী হব আৰু তেতিয়া কোনো বহিৰাগতই অসমীয়াৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস নকৰিব৷ নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ মইমতালি নচলিব আৰু এইখন দেশত খিলঞ্জীয়া ভূমিপুত্রৰ মতেহে চলিব বুলি কয় উদয়ন কুমাৰ গগৈয়ে৷