
লংকাঃ ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানৰ কবলত হাহাকাৰ কৰি আহিছে৷ ঘৰ-দুৱাৰ-মাটি হেৰুৱাই দুখৰ দিন পাৰ কৰা ৰাজ্যৰ বানাক্ৰান্তক দল-সংগঠনে সাহায্য আগবঢ়াই আহিছে৷
বানাক্ৰান্তক সহায়ৰ বাবে ওলাই আহিল লংকাৰ বৃহত্তৰ শিখ সমাজ৷ বৃহস্পতিবাৰে নগাঁৱৰ জখলাবন্ধা অঞ্চলৰ বানাক্ৰান্তৰ মাজত লংকাৰ শিখ সমাজে বান সাহায্য বিতৰণ কৰাৰ লগতে আজি মুখ্যমন্ত্ৰীৰ বান সাহায্য পুজিলৈ ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷
আজি হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত লংকা শিখ সমাজৰ হৈ জান্টি সিং, হৰবান সিং, বিজিন্দৰ সিং, দিলীপ সিং আৰু ইতজত সিং উপস্থিত হৈ উপায়ুক্ত ডঃ এছ লক্ষ্মণণৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ২৫ হাজাৰ টকাৰ চেকখন প্ৰদান কৰে৷