
ৰঙিয়াঃ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণ ৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ জিলা সমূহৰ সদৰ, মহকুমা সদৰ, ৰাজহ চক্ৰ কাৰ্যালয় সমূহৰ লগতে চৰকাৰী,-বেচৰকাৰী, অনুষ্ঠান-প্ৰতিষ্ঠানে গণ ৰাজ্য দিৱস পালন বাবে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগতে ৬৯তম গণৰাজ্য দিৱস ২৬ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে উদযাপনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।
ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত লগতে মহকুমাৰ সহকাৰী আয়ুক্ত কুমাৰ সুৰজিত বৰা, জয়ন্ত দাস, ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া এমিলী বৰুৱা, মহকুমা নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ, কঞাৰ ৰাজহ চক্ৰ বিষয়া নয়না বৰা আৰু কমলপুৰৰ চক্ৰ বিষয়া ড০ বেদাংগ তালুকদাৰৰ উপস্থিতিত গণৰাজ্য দিৱস উদযাপনৰ এখন সভা অনুষ্ঠিত হয়।
সভাত ৰঙিয়া মহকুমাৰ অন্তৰ্গত বিদ্যালয়-মহাবিদ্যালয়, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বেচৰকাৰী সংস্থা, বিভিন্ন দল-সংগঠনৰ লগতে বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিকৰ উপৰি ভালে সংখ্যক ৰাইজ উপস্থিত থাকে। গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্য্যসূচী পৰিচালনাৰ বাবে কেইবাটাও সমিতি গঠন কৰা হয়। গণৰাজ্য দিৱসৰ পুৱা ৬ বজাত প্ৰভাত গীতাঞ্জলি, ৭ বজাত নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৭.৩০ বজাত বিভিন্ন শিক্ষানুষ্ঠান, চৰকাৰী, অৰ্ধ-চৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন।
৮ বজাত নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা উদযাপন স্থলী ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰা। ৮.৩০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যদান-শ্বহীদ তৰ্পণ। ৯ বজাত আনুষ্ঠানিক ভাৱে বিশিষ্ট অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন, কুচ-কাৱাজ, সাংস্কৃতিক কাৰ্যসুচী অনুষ্ঠিত হ’ব। ১০ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু কুচ-কাৱাজ, সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণকাৰী দল আদিলৈ মানপত্ৰ প্ৰদান কৰা হ’ব।
১০.৩০ বজাত ৰঙিয়া অসামৰিক চিকিৎসালয় আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন ৰোগী আৰু হৰিজন বাৰোৱাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফলমূল বিতৰণ কৰা হ’ব। ১১ বজাত মহকুমাধিপতি একাদশ আৰু ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হ’ব। সন্ধিয়া ৫ বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমিতকৰণ আৰু ৫.১৫ বজাত চৰকাৰী কাৰ্যালয় সমূহত বন্তি প্ৰজ্বলন কৰা হ’ব বুলি জানিবলৈ দিয়ে মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে।