খেৰণিঃ নৱ বৰ্ষৰ এদিন পূৰ্বে কাৰ্বি আংলং জিলাত দেওঁবাৰে ২৬খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ কাৰ্বি পাহাৰৰ তুমপ্ৰেঙত বন বিভাগৰ অতিথিশালা আৰু উদ্যানৰ চৌহদত ভ্ৰমণকাৰীৰ সুবিধাৰ্থে খাদ্য সম্ভাৰ উপলব্ধ কৰিবলৈ পৰ্যটন বিভাগৰ অধিনত কেফটেৰীয়া নামৰ এখন কেণ্টিনৰ শুভ উদ্বোধন কৰে ৰংহাঙে।

ৰংখাং উন্নয়ন খণ্ডৰ উদ্যোগত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এমজি এনৰেগা আঁচনিৰ অধিনত পথ, পুখুৰী, বজাৰ গৃহ আদিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৃহত্তৰ তৰাডুবিত গড়কাপ্তানী পথ-ইংলিছ এল পি স্কুল সংযোগী পেভাৰচ ব্লক পথ নিৰ্মান, বস্ক-বৰঘাট সংযোগী পথ নিৰ্মাণ, বজাৰগৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে।

একেটা স্থানতে পুণৰ নিৰ্মান কৰা মুকলি মঞ্চ, তুমপ্ৰেঙৰ গন্দাবিল আৰু বালিগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধিনত ২০১৭-১৮ বিত্তীয় বৰ্ষত নিৰ্মাণ সম্পূৰ্ণ কৰা পেভাৰচ পথৰ উদ্বোধন কৰে। ফাংঠেংফ্ৰাঙত পথ নির্মাণৰ আধাৰশিলা আৰু পি এম এ ৱাই-অধিনত নিৰ্মাণ কৰা গৃহও শুভ উদ্বোধন কৰে৷ দেওবাৰে মুঠ ২৬খন আঁচনিৰ আধাৰশিলা স্থাপন আৰু নতুন আঁচনি উদ্বোধন কৰে তুলিৰাম ৰংহাঙে।

আঁচনি ৰূপায়ণৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিচ্ছ, বিথুং-ৰেংথেমা পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি, পশু পালন বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাষ্ণু, বন বিভাগৰ বিষয়া ধনসিং টেৰাং, ৰংখাং উন্নয়ন খণ্ডৰ খণ্ড বিষয়া শশীকান্ত তিমুঙৰ লগতে ভালেসংখ্যক বিজেপি নেতা আৰু বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে।

আচনি সমূহৰ আধাৰশিলা স্থাপন আৰু নতুন আঁচনি উদ্ধোধন কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত অন্য চৰকাৰতকৈ বিজেপি চৰকাৰ এখোজ হলেও ওপৰত থাকিব বুলি কয় তুলিৰামে৷ বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতি এতিয়া আখৰে আখৰে পালন কৰি গৈছে বিজেপি চৰকাৰখনে। ফলস্বৰূপে একাধিক্ৰমে সমগ্ৰ কাৰ্বি পাহাৰতে উন্নয়ন-বিকাশ আৰু সমস্যা সমাধানৰ স্বাৰ্থত বিভিন্ন প্ৰকাৰৰ আঁচনি হাতত লৈ ৰূপায়ন কৰি গৈছে এই চৰকাৰখনে বুলি কয় মুখ্য কাৰ্যবাহী তুলিৰামে।