
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ টাকৈ জাতীয়-সংখ্যালঘু সংগঠনে ২৭ জানুৱাৰীত গ্ৰহণ কৰিবলগীয়া পথ অৱৰোধ আৰু ৰে’ল অৱৰোধ কাৰ্যসূচী বাতিল কৰিছে।
এই বিষয়ে শুকুৰবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে কৃষক নেতা অখিল গগৈসহ ৭০ সংগঠনৰ নেতৃত্বই।
নিউজ নেক্সট ৱানৰ মুখ্য সম্পাদক ডঃ দীনেশ বৈশ্যই বিভিন্ন বিভাগত হ’ৱলগীয়া পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ আৰু অৱৰোধ উঠাই ল’বলৈ আন্দোলনৰ নেতৃত্বক আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সহাৰি জনাই আন্দোলনৰ নেতৃত্বই সংবাদ মেলত ২৭ জানুৱাৰী কাৰ্যসূচী বাতিল কৰাৰ কথা ঘোষণা কৰে।
গগৈয়ে কয় যে অসমৰ ৰাইজৰ আহ্বান আৰু সেই দিনটোত চাকৰি সংক্রান্তীয় পৰীক্ষা থকা বাবে এই কাৰ্যসূচী বাতিল কৰা হৈছে।
ইফালে এই কাৰ্যসূচী বাতিল কৰি ২৭ জানুৱাৰীত তিনিচুকীয়া জিলা পানীটোলত কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০ টাকৈ জাতীয় সংগঠনে নাগৰিকত্ব সংসধনী বিধেয়কৰ বিৰুদ্ধে আয়োজন কৰিছে বিশাল গণ সমৱেশ কাৰ্যসূচী।
এই সংবাদ মেলতে কৃষক নেতা গৰাকীয়ে জানিবলৈ দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে ২৮ আৰু ২৯ জানুৱাৰীত দিছ্পুৰত অসমৰ ৭০ জাতীয়-সংখ্যালঘু সংগঠনে গ্ৰহণ কৰিব বিক্ষোভ কাৰ্যসূচী।
কৃষক নেতা গৰাকীয়ে লগতে কয় যে আগন্তক ২৮ জানুৱাৰীৰপৰা আৰম্ভ হ’বলগীয়া অসম বিধান সভা অধিৱেশনত এইবাৰ কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে, খিলঞ্জীয়া সাংবাবিধানিক ৰক্ষা কৱচ আৰু ছয় জনগোষ্টী জনজাতিকৰণৰ সন্দৰ্ভত আলোচনা হ’ব লাগে।