
ডিজিটেল ডেস্কঃ জিএছটিৰ ৰাজহ সংগ্ৰহ ১ লাখ কোটিৰ ঘৰ পাৰ কৰিছে বুলি ইতিমধ্যে বিত্ত বিভাগে স্পষ্ট কৰিছে৷ শুকুৰবাৰে দিল্লীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিএছটি পৰিষদৰ ২৭ সংখ্যক বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এই কথা প্ৰকাশ কৰে৷ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিভিন্ন মহলে চিন্তা ব্যক্ত কৰিছে৷
The Union Minister of Finance & Corporate Affairs, @arunjaitley chairing the 27th GST Council Meeting in New Delhi today via video conference. MoS(Finance) @BJPShivPShukla ,West Bengal FM Shri Amit Mitra & Sr. Officers of the Ministry of Finance are also attending it among others pic.twitter.com/IQn2XMqnfe
— Ministry of Finance (@FinMinIndia) May 4, 2018
The Union Minister of Finance & Corporate Affairs, Shri @arunjaitley chairing the 27 the GST Council Meeting via Video Conference in New Delhi today. Finance Secretary & Member Secretary,GST Council, Shri @adhia03 is also seen with other senior Officers of the Ministry of Finance pic.twitter.com/ZlXUtOQ00k
— Ministry of Finance (@FinMinIndia) May 4, 2018
জিএছটিৰ কৰ চৰকাৰে অনায়াসে পাবলৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা যায়৷ ইনপুট টেস্ক ক্ৰেডিট, ক্ৰেতা আৰু বিক্ৰেতাৰ ইনভয়েচ মেচিনৰ ৰচিদ বাধ্যতামূলক কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে৷ কৰফাকি ৰোধ আৰু নগদ লেন-দেন কমোৱাৰ বাবে চৰ্চা কৰা হ’ব বুলি জানিব পৰা যায়৷
GST Revenue collections in the month of April 2018 exceeds Rs.1 Lakh Crore; For full details, please Log on : https://t.co/CIQAIG3MgJ
— Ministry of Finance (@FinMinIndia) May 1, 2018
কৰ ৰিটাৰ্ণ আৱেদন সমস্যাৰ সমাধানৰ চেষ্টা কৰা হ’ব পাৰে শুকুৰবাৰে অনুষ্ঠিত পৰিষদৰ বৈঠকত৷ নতুন ৰিটাৰ্ণ আৱেদন অনাৰ বাবে সিদ্ধান্ত লব পাৰে৷ ইনফোচিছৰ মুখ্য বিষয়া নন্দন নিলোকানিৰ সৈতেও আলোচনাত বহে পৰিষদে৷
#GST revenue collected in April 2018 crosses Rs. 1 lakh cr at Rs.1,03,458 crore pic.twitter.com/Fv4pCx52sF
— CBIC (@cbic_india) May 1, 2018
ডিজিটেল পেমেণ্ট কৰাসকলক ৰেহাই দিয়াৰ চিন্তা কৰিব পাৰে চৰকাৰে৷ নৱেম্বৰ মাহৰ পৰাই ইয়াক লৈ চিন্তা কৰি আছে চৰকাৰে৷ ডিজিটেল লেন-দেনৰ বাবে উৎসাহ বৃদ্ধিৰ বাবে পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷
Increased tax collections will help the nation to expand its economic horizons and take it to loftier heights.
— Arun Jaitley (@arunjaitley) May 1, 2018
জিএছটিএন নেটৱাৰ্ক ভৱিষ্যতে চৰকাৰী সংস্থা হ’ব পৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পাৰে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ৰাজ্যসমূহৰ বিত্ত মন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ দেশৰ দুটা বেংক এইচডিএফচি, আইচিআইচি বেংক আৰু এলআইচিৰ নেতৃত্বত চলি আহিছে জিএছটিএন নেটৱাৰ্ক৷ জিএছটিৰ সম্পূৰ্ণ নেটৱাৰ্ক চাই এইচডিএফচি, আইচিআইচি বেংক আৰু এলআইচিৰ নেতৃত্বৰ জিএছটিএন নেটৱাৰ্কে৷
২০ লাখ টকাৰ তলৰ ব্যৱসায় কৰা লোকে জিএছটি জমা দিব নালাগে৷ এনেধৰণৰ ব্যৱসায়ীক নজৰ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ চেনীৰ মূল্য বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে৷