
গুৱাহাটীঃ ট্ৰাইবেল সংঘই আজি আহ্বান জনোৱা বছৰটোৰ দ্বিতীয়টো অসম বন্ধৰ ঠায়ে ঠায়ে মিশ্ৰিত প্ৰভাৱ পৰা পৰিলক্ষিত হয়। বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই, পথত গছ বগৰাই প্ৰতিবাদ সাব্যস্ত কৰে।
বন্ধ আহ্বানৰ জৰিয়তে চৰকাৰক ৬জনগোষ্ঠীক জনজাতিকৰণৰ পূৰ্বে জনজাতিসকলে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় সংঘই। অন্যাথাই পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ’ব বুলিও সকীয়নি প্ৰদান কৰে।
মৰিগাঁও জিলাৰ জাগীৰোডত একাংশ বন্ধ সমৰ্থকে ৰাজপথত গছ বগৰাই যান-বাহনৰ চলাচলত বাধা প্ৰদানৰ চেষ্টা চলায়। বাক্সা জিলাৰ মহৰীপাৰাত বাহনৰ ক্ষতিসাধন কৰে বন্ধ সমৰ্থকসকলে। ওদালগুৰি জিলাতো বন্ধৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰাত ব্যাঘাত জন্মে।
অৱশ্যে যোৱা ৮ জানুৱাৰীত বিদেশী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৱে আহ্বান জনোৱা বছৰটোৰ প্ৰথমটো বন্ধ যিদৰে সৰ্বাত্মক হৈছিল আজিৰ বন্ধত তেনে ছবি দেখা পোৱা নগ’ল। বিপৰীতে একাংশ লোকে আজিৰ এই বন্ধক অপ্ৰয়োজনীয় আখ্যাহে দিয়ে।
গুৱাহাটী মহানগৰীত ট্ৰাইবেল সংঘৰ আজিৰ এই বন্ধৰ সামান্যতমো প্ৰভাৱ দেখা নগ'ল। গুৱাহাটীৰ লগতে প্ৰায় প্ৰতিখন জিলাৰে জিলা সদৰত আন দিনসমূহৰ দৰেকৈ খোলা থাকে দোকান-পোহাৰ তথা আন প্ৰতিষ্ঠানসমূহ।
আজি আহ্বান জনোৱা বন্ধৰ অন্তৰালত বিদেশী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ গঢ়ি উঠা আন্দোলনক মষিমূৰ কৰিবলৈ শাসকীয় বিজেপি দলে একাংশ সংগঠনৰ সৈতে গোপন বুজাবুজি কৰা বুলিও ভিন্নজনে ছ’চিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছে।
উল্লেখ্য যে বিদেশীক নাগৰিকত্ব প্ৰদানক লৈ সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে কেন্দ্ৰই লোকসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ অৱতাৰণা কৰিছিল।