
কোকৰাঝাৰঃ এগৰাকী অসহায় মহিলাক তিনিদিন বন্ধ কোঠাত আৱদ্ধ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ তাৰ মাজতে আৰক্ষীৰ জালত পৰে অভিযুক্ত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাঁও নিবাসী সৰপত আলি শ্বেখৰ পুত্ৰ ইনছাৰ আলি শ্বেখ৷ আৰক্ষীৰ আগত আদিবাসী জনগোষ্টীৰ মহিলা তথা মাগুৰমাৰী অঞ্চলৰ হাকুৰবাৰীৰ সাৰস লাক্ৰাক হত্যা কৰা বুলি স্বীকাৰ কৰে ইনছাৰে।
ইনছাৰ আলি শ্বেখৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৰজু কৰা ৭৪৮/১৭ৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৬৬/৩০২/৩৪ ধাৰাৰ অধীনত মঙলবাৰে ইনছাৰ আলি সেখৰ লগতে ইনছাৰৰ মাতৃ জাবেদা বিবি (৪৫) আৰু বৌৱেক সাবিদা বেগম(১৮)ক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্যে যে চেচাঁপানী গাঁৱৰ ইনছাৰ আলি শ্বেখে হাব্ৰুবাৰী অঞ্চলৰ পৰা আদিবাসী জনগোষ্ঠীৰ বিবাহিত মহিলা এগৰাকীক ফুচলাই নিজৰ ঘৰলৈ লৈ অহাৰ পিছতে সোমবাৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰথম অৱস্থাত এয়া অবৈধ প্ৰেমৰ পৰিণতিতে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছিল যদিও আৰক্ষীয়ে ইনছাৰ আলি শ্বেখক আটক কৰি সোধ-পোছ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
আৰক্ষীৰ জেৰাত ইনছাৰ আলিয়ে সাৰস লাক্ৰাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি স্বীকাৰ কৰে। মহিলাগৰাকীয়ে সৰু কাঠৰ খুটাত গামোছাৰে চীপ লৈ আত্মহত্যা কৰা বুলি ইনছাৰ আলিৰ পৰিয়ালবৰ্গই প্ৰথমে আৰক্ষীক বিপথে পৰিচালিত কৰিছিল। কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে সাৰস লাক্ৰাৰ হত্যাকাণ্ড সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। সাৰসৰ সতে ইনছাৰৰ অবৈধ সম্পৰ্ক আছিল বুলিও মত প্ৰকাশ কৰিছে আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে।