ৰঙিয়াঃ অসমৰ পৰা এটা চক্ৰই বিহাৰলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শুকুৰবাৰে ৰেল আৰক্ষীৰ জালত পৰে তিনিজন  নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী৷ নিচাজাতীয় সামগ্ৰী সহ বিহাৰৰ মোজাফ্ফৰপুৰ জিলাৰ গোবিন্দ কুমাৰ, যাদৱ লাল যাদৱ আৰু ৰামজনম ৰায় জালত পৰে৷

ৰঙিয়া ৰেল আৰক্ষীয়ে জানিবলৈ দিয়া মতে দিনৰ ১০.৩০ বজাত ৰঙিয়া ৰেলষ্টেচন এক নং প্লেটৰ্ফমত নৰ্থইষ্ট ৰেল যোগে বিহাৰলৈ যাত্ৰা কৰিবৰ বাবে লোককেইজনে ৰৈ আছিল। সেই সময়তে ৰঙিয়া ৰেল আৰক্ষীৰ টিংকু বড়া আৰু অশোক দাসৰ নেতৃত্বত দল এটাই লোক তিনিওজনক আটক কৰে৷ 

ৰেল আৰক্ষীৰ এটা বেগৰ পৰা ৫২ বটল নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তিনিওজনে নলবাৰীৰ এখন গেলামাল দোকানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। 

তেওঁলোকে দ্ৰব্যসমুহ বিক্ৰিৰ বাবে বিহাৰলৈ নিয়াৰ বাবে আনিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে। ৰেল আৰক্ষীয়ে অসমৰ এক বৃহৎ চক্ৰই বিহাৰত সুৰা নিষিদ্ধ কৰাৰ গইনা লৈ অসমৰ পৰা নিচাজাতীয় দ্ৰব্য বিহাৰলৈ সৰবৰাহ কৰা আৰম্ভ কৰিছে বুলি কয়। ৰেল আৰক্ষীয়ে জব্দকৰা নিচাজাতিয় দ্ৰব্যৰ বটলকেইটাত চাইফন চিৰাফ বুলি লিখা থকাৰ উপৰিও "ফিজোচিয়ান চেম্প'ল" বুলি লিখা আছিল।