14
Jun
2017

ডিজিটেল ডেস্কঃ ক্ৰমাৎ অস্থিৰ হৈ পৰা ভাৰত-পাকিস্তানৰ কাশ্মীৰ সীমান্তৱৰ্তী অঞ্চলত বিগত ২৪ ঘণ্টাত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। এই ঘটনাত ১৩ জনকৈ জোৱান আহত হৈছে। কাশ্মীৰৰ দক্ষিণ আৰু উত্তৰাঞ্চলত পাক অনুপ্ৰৱেশকাৰীৰ সৈতে এই সংঘৰ্ষ ভাৰতীয় জোৱানৰ।
দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰালত সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ শিবিৰত গ্ৰেণেড নিক্ষেপ কৰাৰ ফলত ৯ জনকৈ জোৱান আহত হয় বুলি পিটিআইত প্ৰকাশ পাইছে।
উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকীৰ কাশ্মীৰৰ অনন্দনাগস্থিত বাসগৃহত পহৰা দি থকা অৱস্থাত দুৰ্বৃত্তই অতৰ্কিতে কৰা আক্ৰমণত ২ জনকৈ সুৰক্ষা কৰ্মী আহত হয়।
আকৌ তৃতীয়টো আক্ৰমণ পুলৱামা জিলাৰ পাদগামপৰাত হয় যদিও কোনো হতাহত নহ’ল। সোমবাৰেও পুলৱামাত চিআৰপিএফৰ শিবিৰত চলা আক্ৰমণত দুজনকৈ জোৱান আহত হৈছিল।