তুলিৰাম ৰংহাঙৰ ভতিজাসহ তিনি ছাত্ৰক উটুৱাই নিলে কপিলীয়ে খেৰণিঃ

খেৰণিঃ বানে ভিন্ন প্ৰান্তত সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়তে কপিলী নৈত গা ধুবলৈ গৈ তিনিজন ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ তুমপ্ৰেঙত৷
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত ডংকামোকাম চহৰ নিৱাসী তেলিছৰাম ৰংহাঙৰ পুত্ৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ভতিজা বিদি ৰংহাং (১৫), প্ৰদীপ ৰংপিৰ পুত্ৰ আংক্লিং ৰংপি (১৪) আৰু ৰঞ্জিত কাথাৰৰ পুত্ৰ কাইছাৰি কাথাৰে (১৫) তুমপ্ৰেঙৰ পিনে ফুৰিবলৈ যাব বুলি কৈ ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয়৷
তেলিছৰাম ৰংহাঙৰ পুত্ৰ বিদি ৰংহাং বিদ্যালয়ৰ পাঠদান বন্ধ হোৱাত মাত্ৰ দুদিন পূৰ্বে শ্বিলঙৰ পৰা ঘৰলৈ আহিছিল৷ তিনি ছাত্ৰ তথা বন্ধুৱে একেলগে ঘৰৰ পৰা প্ৰায় ১০ কিঃমিঃ নিলগৰ তুমপ্ৰেঙলৈ বুলি ফুৰিবলৈ ওলাই যায়৷
ইয়াৰ মাজতে দিনৰ প্ৰায় ১১ বজাত তুমপ্ৰেঙৰ মাজেৰে বৈ যোৱা কপিলি নৈত গা ধুবলৈ গৈছিল ছাত্ৰ কেইজনে৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে ছাত্ৰ কেইজনে একেলগে নৈত গা ধুই থাকােতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷
ছাত্ৰকেইজনক উটুৱাই নিয়া দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লোক সকলে উদ্ধাৰৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। পিছত পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে। কিছু সময় পাছতে পৰিয়ালৰ সদস্য আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই বাতৰি যুগুতোৱা পৰ্যন্ত সন্ধানহীন ছাত্ৰকেইজনকক উদ্ধাৰ কৰিব পৰা হোৱা নাই।