
উত্তৰ শালমাৰাঃ মঙলবাৰে দেশে উদযাপন কৰিলে স্বাধীনতা দিৱস৷ বানৰ মাজতে অভয়াপুৰীতো উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস৷ পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷
অভয়াপুৰীত মহকুমা প্ৰশাসনে উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা সময়তে তিনিটা পৰিয়ালত ঘটিল কৰুণ ঘটনা ৷ বাঢ়নী পানীত পৰি অভয়াপুৰীত এদিনতে মৃত্যু হ’ল তিনিটাকৈ শিশুৰ৷
দুপৰীয়াৰ ভাগত অভয়াপুৰীৰ আমগুৰি প্ৰথম খণ্ডত ঘটে প্ৰথমটো অঘটন৷ পানীত পৰি সলিল সমাধি ঘটে এটি ২ বছৰীয়া শিশুৰ ৷ মানাহ নদীৰ বাঢ়নী পানীত পৰি প্ৰাণ হেৰুৱায় এই শিশুটি৷ শিশুটি মধুফল গাঁওৰ আতিকুল মণ্ডল৷
আনহাতে আবেলি অভয়াপুৰীৰে কয়াকুজীয়া বিলত সংঘটিত হয় আন এক শোকাৱহ ঘটনা৷ বাঢ়নী পানীত পৰি মৃত্যু হয় আন দুটি শিশুৰ৷
জামাল আলী নামৰ আঠ বছৰীয়া শিশুটি দুৰ্ভাগ্যক্ৰমে বাঢ়নী পানীত পৰি যোৱাত একেলগে থকা চহৰ আলী নামৰ সাত বছৰীয়া শিশুটিয়ে বচাবলৈ যোৱাত দুয়ো পানীত ডুব যায় আৰু কৰুণ মৃত্যুক সাৱটি লয়৷
স্বাধীনতা দিৱসৰ দিনটোতে তিনিটাকৈ শিশুৰ বাঢ়নী পানীত মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অভয়াপুৰীত শোকৰ ছাঁ পেলাইছে৷ ইফালে বানাক্ৰান্তৰ খবৰ ল’বলৈ জলপ্ৰতিনিধিয়ে সময় নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে৷