কামপুৰঃ নিশা নগাঁও জিলাৰ কামপুৰ আৰু কচুৱা আৰক্ষীয়ে ডকাইতৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযান কালত নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত গায়ন গাওঁ আৰু কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰীৰ পৰা অস্ত্ৰ সহ তিনি দুৰ্ধষ ডকাইত আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ডকাইত কেইটা হৈছে বিলাল উদ্দিন, ছফিকুল ইছলাম আৰু বুলবুল হুছেইন। ধৃত ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক, দুই জাই সজীৱ গুলী, এখন ডেগাৰ আৰু এএছ২১ এফ৩৯২৩ নম্বৰৰ এখন পালছাৰ বাইক জব্দ কৰে।

ধৃত ডকাইত কেইটাই যোৱা ২৬ জুলাইত কামপুৰ মেনগাঁৱত বন্ধন বেংকৰ এজন কৰ্মচাৰীক দিন দুপৰতে বন্দুক দেখুৱাই ১ লাখ ৮০ হাজাৰ টকা, ক্ৰছ মেচিন আৰু বহু নথি পত্র ডকাইতি কৰি নিছিল।

ইফালে নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত হোৱা বহু কেইটা ডকাইতি ঘটনাৰ সৈতে ধৃত ডকাইত কেইটা জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত ডকাইত কেইটাক সোধ-পোছ আৰম্ভ কৰিছে।