
তিনিচুকীয়াঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক সপ্তম দৰমহা আয়োগৰ দ্বাৰা সংশোধিত দৰমহা লাগে ঠিকেই, কিন্তু কৰ্মস্পৃহা যে তেনেই তাকৰ সেয়া নকৈ দোহৰাৰ কোনো প্ৰয়োজন নাই ৷ ইয়াৰ মাজতে নিউজ নেক্সট ৱানৰ কেমেৰাত বন্দী হৈছে এক আজৱ দৃশ্য।
কেমেৰাত বন্দী হোৱা এই দৃশ্যই স্পষ্টকৈ প্ৰমাণ কৰে যে তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সততে কৰ্মচাৰী উপস্থিত নাথাকে বুলি দীৰ্ঘদিন ধৰি যি অভিযোগ উত্থাপিত হৈ আহিছিল সেয়া তিলমানো মিছা নহয়।
উল্লেখ্য যে, উজনি অসমৰ সীমান্তৱৰ্তী অঞ্চল কাকপথাৰত অৱস্থিত এই উন্নয়ন খণ্ডৰ কাৰ্যালয়টোৱে এক বৃহৎ এলেকা সামৰি লোৱাত কাৰ্যালয়লৈ দূৰ-দূৰণিৰ পৰা বিভিন্ন স্তৰৰ নাগৰিকে আহি বহুপৰ বোন্দাপৰ দি বহি থাকিবলগীয়া হয়৷
আজিও কাকপথাৰ উন্নয়নখণ্ডৰ অন্তৰ্গত কোনো এখন গাঁৱৰ তিনিগৰাকী বৃদ্ধাই চৌহদৰ ৩ নং কক্ষত বিভাগীয় কৰ্মচাৰীক লগ কৰিবলৈ দিনটো খাপ পিটি ৰৈ থাকে যদিও এজনো কৰ্মচাৰীক লগ পাবলৈ সক্ষম নহ'ল৷
বহু সময় বোন্দাপৰ দিও কোনো নৰ-মনিচৰ দেখা-সাক্ষাৎ লাভ নকৰাত তীব্ৰ বিৰক্তি আৰু ভাগৰ অনুভৱ কৰে আইতাকেইগৰাকীয়ে। এনে বিৰক্তিকৰ পৰিস্থিতিৰ মাজতে আইতাকেইগৰাকীয়ে এটা সময়ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে সংৰক্ষিত সন্মানীয় চৰকাৰী আসনতে বহি পৰে।
অতি কমেও ৭০ টাকৈ বসন্ত গৰকা আইতাকেইগৰাকীয়ে নিজৰ জীৱন কালত কোনো চৰকাৰী চাকৰিত নিযুক্ত ন'হলেও চৰকাৰী বিষয়াৰ চকীত বহাৰ আমেজ লাভ কৰি পাহৰি পেলায় দীৰ্ঘ সময় ধৰি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাবে অপেক্ষা কৰা বিৰক্তিকৰ মুহূৰ্তবোৰৰ কথা।
'বোপাই অ’, এতিয়া আমিয়েই অফিচাৰ। ফটোখন আমাৰ প্ৰধানমন্ত্ৰী মোদীলৈ পঠিয়াই দিবি।’-খঙৰ মাজতো হাঁহি হাঁহি এইদৰে কয় চৰকাৰী চাকৰিয়ালৰ চকীত বহি মজা পোৱা এগৰাকী আইতাই।
'আমি এই বুঢ়া বয়সতো ইমান দূৰ অফিচলৈ আহিব পাৰিছো। পিছে এই অফিচাৰমখাই গাড়ী-মটৰ থকাৰ পিছতো আহিবলৈ মনেই নকৰে যে। মোদীয়ে ইঁহতক দা-দৰমহাবোৰ এনেয়ে দি আছে। মোদীয়ে ক’লে আমিয়েই অফিচাৰ হ’ব পাৰিম।’-আন এগৰাকী আইতাই কয়।
'এনেকৈ দেশৰ কিনো উন্নতিকণ হ’ব অ’ বোপাই? আমাৰ দৰে বুঢ়ী মানুহকেইজনীক ইহঁতে ইমান দিন পিছলাই আছে। এয়া ভাল কথা হৈছে জানো? চৰকাৰজনাই এইবোৰ চাব লাগে। অফিচলৈ নহা মানুহক চৰকাৰজনাই দা-দৰমহা দিবনো লাগে কেলেই?’-অলপ খঙেৰে প্ৰশ্ন কৰে তৃতীয়গৰাকী আইতাই।
আনহাতে, আইতাকেইগৰাকীয়ে এনেদৰে দিনটো বহি থকাৰ পিছতো কোনো এজন বিষয়াক লগ নোপোৱাৰ কথা জানিব পাৰি ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। বেলা এপৰলৈ কাৰ্যালয়ত কৰ্মচাৰী অবিহনে গ্ৰামাঞ্চলৰ এনে স্থানসমূহত চৰকাৰে কেনে ধৰণৰ উন্নয়ন সাধিব বুলিও আইতাকেইগৰাকীৰ দৰেকৈ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে।