
কলিয়াবৰঃ বৰ বৰ কথা কলেও কামত যেন বিফল৷ অসমীয়াৰ মান-অভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ, বন বিভাগ। ৪৮ ঘণ্টাৰ ভিতৰত কাজিৰঙাত চোৰাংচিকাৰীৰ গুলীত তিনিটাকৈ গঁড়ৰ মৃত্যু হোৱাত এই প্ৰশ্ন এতিয়া চৌদিশে৷ শনিবাৰে নিশা প্ৰায় ১১ বজাত চোৰাংচিকাৰীয়ে পোৱালি সহ এজনী মাইকী গঁড়ক গুলীয়াই হত্যা কৰি খৰ্গ লৈ উধাও হয় চোৰাং চিকাৰী৷
কাজিৰঙা উদ্যান কৰ্তৃপক্ষ তথা বনবিভাগৰ সুৰক্ষাক বুঢ়া আঙুলি দেখুৱাই চোৰাং চিকাৰীৰ দলে পুনৰ পোৱালি সহ এজনী মাইকী গঁড় নিধন কৰা ঘটনাৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ শনিবাৰে নিশা প্ৰায় এঘাৰ বজাত বুঢ়াপাহাৰ ৰেঞ্জৰ টুনিকাটি বন শিবিৰ এলেকাত সংঘটিত হয় এই ঘটনা। ৩/৪ জনীয়া চোৰাংচিকাৰীৰ দলে কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰে ব্ৰহ্মপুত্ৰ নদীৰে আহি মাইকী গঁড়টোক পোৱালি সহিতে হত্যা কৰি খৰ্গ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হয়৷ একে দিশেৰে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে।
এইবাৰো চোৰাং চিকাৰীৰ দলে গঁড় নিধনত একে-৪৭ ৰাইফল ব্যৱহাৰ কৰে৷ ঘটনাস্থলিত একে-৪৭ বন্দুকৰ খালি কাৰ্টিজ উদ্ধাৰ হয়। বৃহস্পতিবাৰে নিশাও একেস্থানতে চোৰং চিকাৰীয়ে এটা প্ৰাপ্তবয়ষ্ক গঁড় হত্যা কৰি কাটি নিছিল খৰ্গ৷ উক্ত স্থানতো উদ্ধাৰ হৈছিল একে-৪৭ৰ ২৯ ৰাউণ্ড কাৰ্টিজ। শনিবাৰৰ গঁড় হত্যা হত্যা কৰা ঠাইত উদ্বেগজনকভাৱে উদ্ধাৰ হৈছে একে-৪৭ বন্দুকৰ ১৮ জাইঁ গুলীৰ খালি কাৰ্টিজ। লগতে উদ্ধাৰ কৰে এখন দাঁ। স্নিফাৰ দগৰ সহায়ত চোৰাংচিকাৰীৰ দলৰ সন্ধানত আৰক্ষী আৰু বনবিভাগৰ অভিযান অব্যাহত ৰাখিছে যদিও সফল হ’ব পৰা নাই।