
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হস্পিতালত ৬০গৰাকীকৈ শিশুৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এই বাৰ ৩০০ কিশোৰ একেলগে অসুস্থ হৈ পৰে উত্তৰ প্ৰদেশৰ চামলিত৷ মাথো দুমাহ পুৰ্বে উত্তৰ প্ৰদেশৰ শিশুৰ মৃত্যুৰ ছবিখন দেশে আজিও পাহৰিব পৰা নাই৷ আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে ৬০গৰাকী শিশু মৃত্যু মুখত পৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতালত৷
মঙলবাৰে পুনৰ চৰ্চালৈ আহে উত্তৰ প্ৰদেশ৷ বিষাক্ত গেছৰ বাবে একেলগে অসুস্থ হৈ পৰে ৩০০ কিশোৰ৷ স্কুলৰ সমীপৰ এটি চেনিৰ উদ্যোগৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছে চামলি অঞ্চলৰ ৩০০ কিশোৰক অসুস্থ কৰে৷ চেনি কোম্পানীৰ পৰা গেছ নিৰ্গত হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ চকু জ্বলা পোৰা কৰাৰ লগতে পেটৰ বিষ আদি হ’বলৈ ধৰে৷
এই ঘটনা সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সাহাৰানপুৰৰ উপায়ুক্তক ঘটনাৰ শীঘ্ৰে তদন্ত কৰাৰ নিৰ্দেশ দিয়ে৷ মীৰাট মণ্ডলৰ এডিজি প্ৰশান্ত কুমাৰে ইয়াৰ পুৰ্বেও এনে ঘটনা সংঘটিত হোৱা বুলি কয়৷ ঘটনাৰ তদন্ত আৰম্ভ হোৱা বুলি কৈ দোষীক উপযুক্ত শাস্তি দিয়া হ’ব বুলি কয় কুমাৰে৷ আটাইকেইজন শিশুৱে নিৰাপদে আৰু স্থানীয়ত৷ চিকিৎসালয়ত চিকিৎসা চলি থকা বুলি জানিব পৰা গৈছে৷
উত্তৰ প্ৰদেশৰ মূখ্য সচিব অবনীচ আওস্থিয়ে পিটিআইক দিয়া সাক্ষাৎকাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পূৰ্ণাংগ দন্তৰ নিৰ্দেশ দিয়া বুলি কয়৷ ইমানে নহয় জিলা আৰু স্থানীয় চৰকাৰি বিষয়া-কৰ্মচাৰিক কিশোৰসকলক সম্পুৰ্ণ সহায় কৰাৰ নিৰ্দেশ দিয়ে৷