
চাবুৱাঃ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিশমাইল বেতমালা গাঁৱত প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অইল ইণ্ডিয়াই প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে দিয়া টকা ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাই হস্তগত কৰাৰ অভিযোগ ৰাইজৰ৷
সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত প্ৰেক্ষাগৃহটোৰ কাৰণে অনুদান বিচাৰি অাবেদন কৰিছিল৷ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষই অাবেদনৰ প্ৰতি সঁহাৰি জনাই বাৰ লাখ পঞ্চাশ হাজাৰ টকাৰ অনুদান আগবঢ়ায়৷
প্ৰাপ্ত তথ্য অনুসৰি পূৰ্বতে মটক উন্নয়ন পৰিষদে তিনি লাখ টকাৰে নিৰ্মাণ কৰা পুৰণি প্ৰেক্ষাগৃহটোকে দেখুৱাই চাবুৱা ৰাজহ চত্রু বিষয়া দীপক ভূঞা, পানীতোলা উন্নয়ন খণ্ড বিষয়া বিজয় প্ৰসন্ন গগৈ, কনিষ্ঠ অভিযন্তা গকুল কোঁৱৰ অাৰু মটক যুৱ-ছাত্র পৰিষদৰ পৰা বহিষ্কৃত হেমন্ত কুমাৰ বৰুৱাই লগ লাগি প্ৰথম কিস্তিৰ তিনি লাখ সাত হাজাৰ টকা হৰলুকী কৰাৰ অভিযোগ অানিছে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাই৷
বেতমালাবাসী অাৰু মটক যুৱ-ছাত্র পৰিষদে এই দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰি অভিযুক্তৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ অানহাতে পৰিষদে বেতমালাৰ ৰাইজে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে৷