গুৱাহাটীঃ যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ হাতীগাঁৱৰ কৈলাশনগৰত সংঘটিত ব্যৱসায়ী হেমন্ত চিচোড়িয়াৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪গৰাকী লোকক শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীৰ ৩ দিনিনীয়া অভিযান চলোৱাৰ অন্তত গুৱাহাটী মহানগৰ, ছয়গাঁও, অভয়াপুৰীৰ পৰা ৪গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷

হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা তিনিদিনীয়া অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে ৪গৰাকী লোক৷ হত্যাকাণ্ডৰ সময়ত ব্যৱহৃত বাইক আৰু মোবাইল ফোনৰ লোকেশ্বনৰ জৰিয়তে আৰক্ষীয়ে অপৰাধীক জালত পেলাই বুলি জানিব পৰা গৈছে৷ নিশা প্ৰায় ৯ বাজি ৫ মিনিটত এখন বাইকত অহা দুই দুৰ্বৃত্তই হাতীগাঁও আৰক্ষী থানাৰ পৰা কিছু নিলগৰ হেমন্ত চিচোড়িয়া নামৰ ব্যৱসায়ীগৰাকীক ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি গৃহ অভিমুখে গৈ থকা সময়তে পিছফালৰ পৰা মূৰত গুলীচালনা কৰে।

হেমন্তই ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি বেলতলা-হাতীগাওঁ পথেৰে গৃহ অভিমুখে গৈ অৱস্থাত প্ৰথমতে বাইকত অহা দুৰ্বৃত্তই তেওৰ সৈতে থকা প্ৰায় ৪ লাখ টকা লুটি নিয়াৰ চেষ্টা কৰে৷ উক্ত সময়ত পথটোত কোনো লোক নথকাৰ সুবিধা লৈ হেমন্তৰ টকা লুটি নিয়াৰ চেষ্টা কৰে যদিও হেমন্তই টকা খিনি এৰি দিব বিছৰা নাছিল৷ তেনে সময়তে ব্যৱসায়ী হেমন্তৰ মূৰত গুলীচালনা কৰি লগত থকা টকা লৈ উধাও হয় দুৰ্বৃত্তই৷ হেমন্তৰ হত্যাকাণ্ড সংঘটিত হৈছিল হাতী গাঁও থনাৰ পৰা কিছুনিলগত৷ থানাখনৰ সমুখতে হেমন্তৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আছিল।

আন দিনাৰ দৰে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি বেলতলা হাতীগাওঁ পথেৰে গৈ আছিল হেমন্ত। পালছাৰ বাইক এখন তেওঁৰ কাষতে ৰাখি টকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰি চিধাই মূৰত গুলী মাৰি দুৰ্বৃত্তই নিৰ্বিঘ্নে আঁতৰি যাবলৈ সক্ষম হয়। তাৰ পিছতে মহানগৰৰ জনসাধৰণৰ জীৱন আৰু সম্পত্তিক লৈ উত্থাপন হৈছিল প্ৰশ্ন৷ মহানগৰ আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে লৈ জোৰ তদন্ত আৰম্ভ কৰিছিল৷ মহানগৰ আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ লগতে হাতী আৰক্ষী থানা, মহানগৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ নেত্বতত সফলতা লাভ কৰে আৰক্ষীয়ে৷

গুৱাহাটী মহানগৰীৰ লগতে ছয়গাঁও আৰু অভয়াপুৰীৰ পৰা চাৰিগৰাকী লোকক আটক কৰে৷ এটি পিষ্টল সহ নুৰ আলম, ৰমেশ যাদৱ, চাইফুল ইছলাম ধৰা পৰে যদিও মুল অপৰাধীক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে, নিশা প্ৰায় ৯ বাজি ৫ মিনিটত এখন বাইকত অহা দুই দুৰ্বৃত্তই হাতীগাঁও আৰক্ষী থানাৰ সমীপত হেমন্ত চিচোড়িয়া নামৰ ব্যৱসায়ীগৰাকীক ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি গৃহ অভিমুখে গৈ থকা সময়তে পিছফালৰ পৰা মূৰত গুলীচালনা কৰে।

থানাখনৰ সমুখতে হেমন্তৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আছিল। আন দিনাৰ দৰে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি বেলতলা হাতীগাওঁ পথেৰে গৈ আছিল হেমন্ত। তেনে সময়তে অনুমান কৰা মতে পালছাৰ বাইক এখন তেওঁৰ কাষতে ৰাখি কোনো কথাৰ অৱতাৰণা নকৰাকৈ চিধাই মূৰত গুলী মাৰি দুৰ্বৃত্তই নিৰ্বিঘ্নে আঁতৰি যাবলৈ সক্ষম হয়। তাৰ পিছতে হাতীগাওঁ অঞ্চলত হুৱা-দুৱা লাগে।

প্ৰথম অৱস্থাত ৰাইজে কি হৈছিল ধৰিব পৰা নাছিল যদিও হেমন্তৰ তেজেৰ লুতুৰি-পুতুৰি দেহ প্ৰত্যক্ষ কৰি একাংশ লোকে হেমন্তক দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে মহানগৰ আৰক্ষী সতৰ্ক হৈ পৰে আৰু বিভিন্ন অঞ্চলত তালাচী চলায়। মহানগৰ আৰক্ষীয়ে দুৰ্বৃত্তক শীঘ্ৰে আটক কৰিব পৰা যাব বুলি ঘোষণা কৰিছিল৷

আনহাতে হেমন্ত হত্যাকাণ্ডৰ হত্যাকাৰীক আটক কৰি সফলতা লাভ কৰাৰ লগতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা কেইবাটাও ঘটনাত সফলতা লাভ কৰিছে৷ বিগত বৰ্ষৰ ৪ ডিচেম্বৰত গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াত সংঘটিত শ্বেতা হত্যাকাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যদিও মহানগৰ আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰতে হত্যাকাৰী প্ৰেমিক গোৱিন্দ সিংহানীয়াক আটক কৰিবলৈ সক্ষম হৈছিল৷

আনহাতে, যোৱা ১৩ জানুৱাৰী তথা উৰুকাৰ নিশা বেলতলা স্থিত ভিনিহিয়েকৰ ঘৰৰ পৰা ভোজ-ভাত খাই উভতি অহাৰ পথত প্ৰায় ১২-৩০ বজাত জয়ানগৰ চাৰিআলিত এখন ট্ৰাক আৰু ইন'ভা চালকৰ মাজত পাৰ্কিঙক লৈ বাক-বিতণ্ডা চলি থকাত কাৰ্যত মাত দিয়াৰ বাবে ভূপিন্দৰ সিঙ নামৰ লোকগৰাকীক খুন্দিয়াই হত্যা কৰিছিল ইন’ভা চালকে৷ এই ঘটনা সন্দৰ্ভতো নহানগৰ আৰক্ষীয়ে সফলতা লাভ কৰি চালৰ পৰাগক আটক কৰিবলৈ সক্ষম হয়৷ 

যোৱা ০৫ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ পৰা খ্ৰীষ্টান বস্তীৰ kidveda স্কুলৰ মানভি নামৰ এটি ৫ বছৰীয়া শিশুক অপহৰণ হোৱাৰ প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে প্ৰায় ১০ ঘন্টীয়া অভিযানৰ অন্তত মহানগৰীৰ ফটাশীল আমবাৰীৰ ভাস্কৰ নগৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল শিশুটোক৷ যাৰ বাবে মহানগৰ আৰক্ষী তথা আৰক্ষী আয়ুক্ত হীৰেন নাথক ৰাইজে শলাগ লয়৷